ETV Bharat / city

মৰাণৰ ৰাজপথত দাহ শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি

author img

By

Published : Sep 4, 2021, 1:48 PM IST

মৰাণৰ ৰাজপথত ABVP য়ে জ্বলালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি ৷ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক অপসাৰণৰ দাবীত ABVP য়ে মৰাণৰ ৰাজপথত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

ABVP burnt effigy of Ranoj Pegu at Moran
মৰাণৰ ৰাজপথত ABVP য়ে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি

মৰাণ, 4 ছেপ্তেম্বৰ: বিতৰ্কই যেন লগ নেৰা হৈছে উজনিৰ অগ্ৰণী শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ক । এতিয়াও মাৰ যোৱা নাই মিতালী কোঁৱৰ কাণ্ডৰ প্ৰতিক্ৰিয়া ৷ কিন্তু বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ৰাজ্য শিক্ষা বিভাগে গ্ৰহণ কৰা নাই উচিত পদক্ষেপ ৷ এই অভিযোগ তৰিছে মৰাণৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷

মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰাৰ দাবীত বুধবাৰে পুনৰ উত্তাল হ’ল ৰাজপথ ৷ মৰাণ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দাবী কোনোপধ্যেই বিদ্যালয়ৰ প্ৰাংগণত সোমাবলৈ দিয়া নহ’ব বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ৷

মিতালী কোঁৱৰৰ বিৰুদ্ধে প্ৰতিবাদ

কেৱল শিশু নিৰ্যাতনে নহয়, মৰাণ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ নামতো বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে মৰাণ মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ সমাজে ৷

আনহাতে, ৰাজ্যত পূৰ্বতকৈ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সেয়ে ৰাজ্য চৰকাৰে বিদ্যালয়-মহাবিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছে ৷ শিক্ষানুষ্ঠান খোলাৰ এই ঘোষণা কৰাৰ দিনৰে পৰাই মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা মিতালী কোঁৱৰক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদ কৰি অহা পৰিলক্ষিত হৈছে ৷ কিন্তু শিক্ষাৰ্থীসকলৰ প্ৰতিবাদকো যেন গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্যৰ শিক্ষা বিভাগে ৷ এই অভিযোগ তৰিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: ২০ দিন অতিক্ৰম : ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত

যাৰ ফলত বুধবাৰে প্ৰতিবাদকাৰীসকলে মৰাণৰ ৰাজপথত শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা মিতালী কোঁৱৰৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ, মৰাণ মহাবিদ্যালয়ত সংঘটিত হোৱা দুৰ্নীতি আৰু অধ্যক্ষাগৰাকীৰ অপকৰ্ম সন্দৰ্ভত দুবাৰকৈ শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি অৱগত কৰা হৈছিল সমগ্ৰ বিষয় ৷

কিন্তু ইয়াৰ পাচতো শিক্ষামন্ত্ৰীগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবাদী শিক্ষাৰ্থীসকল । শীঘ্ৰে বিতৰ্কিত অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, ইয়াতকৈ জংগী আন্দোলন হ'ব ৷ তদুপৰি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ জগৰীয়া নহয় বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, ঘৰত বন কৰা শিশুক গৰম পানী ঢালি নিৰ্যাতন কৰাৰ পাচতে কোঁৱৰক নিলম্বন কৰিছিল শিক্ষা বিভাগে । ইয়াৰ উপৰিও অধ্যক্ষাগৰাকীয়ে মহাবিদ্যালয়ত সংঘটিত কৰা দুৰ্নীতি সম্পৰ্কে আৰ টি আই(RTI)ৰ জৰিয়তে পোহৰলৈ আনিছিল ছাত্ৰ সমাজে ।

ইয়াৰ পাচতেই মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে বিতৰ্কিত অধ্যক্ষা গৰাকীক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰি আহিছিল । কিন্তু আজি পৰ্যন্ত শিক্ষা বিভাগে ছাত্ৰ সমাজৰ প্ৰতিবাদক কোনো গুৰুত্ব প্ৰদান নকৰা বিষয়টো সমগ্ৰ মৰাণ অঞ্চলত চৰ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ABVPৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.