মৰাণ, 3 চেপ্টেম্বৰ : থাওৰা সমষ্টিত এতিয়া উপ-নিবাৰ্চনৰ বতাহ বলিছে । শাসক বিৰোধী সকলো দলৰ নেতা আহিছে ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দিবলৈ । কিন্তু তেনে সময়তে থাওৰাৰ উন্নয়নৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে ডিমৌ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত ডিমৌৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
![সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সৰৱ ডিমৌ আছু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8013to8022-aasuwantsdevelopmentonthaoraconstituency-as10031_02092021213948_0209f_1630598988_847.jpg)
ইয়াৰ উপৰিও ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী লৈ দাবী পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে । ডিমৌ অঞ্চলৰ শিক্ষা, স্বাস্থ্য খণ্ডৰ সামগ্ৰীক উন্নয়নৰ বাবে ডিমৌ বাণিজ্য মহাবিদ্যালয়ত স্নাতক শাখা আৰু ডিমৌ মহাবিদ্যালয়ত স্নাত্তোকোত্তৰ শাখা প্ৰৱৰ্তন কৰা, ডিমৌ আদৰ্শ চিকিৎসালয় 200 খন বিচনালৈ উন্নীত কৰাৰ দাবী উত্থাপন কৰে আছু কৰ্মী সকলে ।
ইফালে থাওৰাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি বিধায়ক হোৱা সুশান্ত বৰগোহাঁইয়ে দুটা মাহ বিধায়ক হিচাপে থাকি বিধায়ক পদ এৰি বিজেপিমুখী হোৱাক আছু কৰ্মী সকলে তীব্ৰ সকলোচনা কৰে । সমষ্টিৰ উন্নয়নৰ কথা চিন্তা নকৰি নিজৰ ব্যক্তিগত উন্নয়নৰ কথা চিন্তা কৰি বিধায়ক পদ এৰা বুলি কৈ সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰে আছু কৰ্মীসকল ।