ETV Bharat / city

AASU Protest in Duliajan : অইলৰ মুখ্য কাৰ্যালয়ৰ সমুখত প্ৰতিবাদত বহিল আছু

author img

By

Published : Dec 15, 2021, 9:16 AM IST

অইল ইণ্ডিয়া লিমিটেডে বাঘজান কাণ্ডৰ মূল খলনায়ক জন এনাৰ্জিক পুনৰ নিবিদা প্ৰদান কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ৷ দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest in front of Oil India Limited head office) আছুৱে ৷

AASU Protest
জন এনাৰ্জিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

মৰাণ, 15 ডিচেম্বৰ : বাঘজান কাণ্ডৰ মূল অভিযুক্ত জন এনাৰ্জি(John Energy Ltd) নামৰ ব্যক্তিগত কোম্পানীটোক অইল ইণ্ডিয়া লিমিটেডে(Oil India Limited) পুনৰ দুটা খাদত খননৰ দায়িত্ব দিয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বাঘজান কাণ্ডৰ (Baghjan fire incident) পাছত বাঘজানৰ ৰাইজে ন্যায় লাভ নকৰোতেই পুনৰ জন এনাৰ্জি নামৰ কোম্পানীটোক খননৰ দায়িত্ব দিয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

মঙলবাৰে অইল ইণ্ডিয়া লিমিটেডে বাঘজান কাণ্ডৰ মূল খলনায়ক জন এনাৰ্জিক পুনৰ নিবিদা প্ৰদান কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ৷ দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest in front of Oil India Limited head office) আছুৱে ।

লগতে পঢ়ক: অভিশপ্ত বাঘজান কাণ্ড; আজিও ক্ষোভিত বাঘজানবাসী

বাঘজান কাণ্ডৰ পাছত জন এনাৰ্জিৰ বিৰুদ্ধে অইল ইণ্ডিয়াই তদন্ত আৰম্ভ কৰিছিল (Oil announced inquiry against John Energy) ৷ কিন্তু এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই কিয় পুনৰ এই বিতৰ্কিত কোম্পানীটোক খননৰ নিবিদা অইল ইণ্ডিয়াই দিব লগা হ'ল, তাক লৈ প্ৰশ্ন উখাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

অইল ইণ্ডিয়াৰ এই কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই (All Assam Students Union Dibrugarh)। দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰি আছু কৰ্মীসকলে জন এনাৰ্জিক দিয়া নিবিদা বাতিল কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: Protest against OIL: নিষিদ্ধ ঘোষিত তৈল খনন কোম্পানীক নিবিদা প্ৰদানক লৈ উত্তাল আমগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.