ETV Bharat / city

চিতাত জ্বলিল বিজেপি চৰকাৰৰ প্ৰতীকী - সৰ্বানন্দ সোণোৱাল

নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত আছুৰ অভিনৱ প্ৰতিবাদ ৷ সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে অন্তিম সৎকাৰ সম্পন্ন চৰকাৰৰ ৷

AASU Protest for BVFCL Fourth Plant Namrup

author img

By

Published : Aug 8, 2020, 3:55 PM IST

নাহৰকটীয়া, 8 আগষ্ট: উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো হৈছে নামৰূপ সাৰ কাৰখানা ৷ ষাঠিৰ দশকতে স্থাপিত এই সাৰকাৰখানাটো এতিয়া নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই তিল তিল কৈ মৃত্যু মুখলৈ গতি কৰিছে ৷ সাৰ উদ্যোগটোৰ তিনিওটা উৎপাদন গোটৰ আয়ুস কাল ইতিমধ্যেই শেষ হোৱাত উৎপাদন ক্ষমতা হেৰুৱাই পেলোৱো সাৰ উদ্যোগটোত এতিয়া প্ৰয়োজন এটা চতুৰ্থ গোটৰ ৷ ২০০৬ চনতে তেতিয়াৰ কেন্দ্ৰীয় সাৰ আৰু ৰাসায়ন মন্ত্ৰী ৰাম বিলাস পাছোৱানে ৮০০ ৰ পৰা ৯০০ মেট্ৰিকটন উৎপাদন ক্ষমতাৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বিগত চৈধ্য বছৰে আগনাবাঢ়িল কোনো ধৰণৰ নিৰ্মাণকাৰ্য ৷ যাৰবাবে সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীৰে পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰে সাৰ নগৰী নামৰূপ ৷

কেৱল নিৰ্বাচনী বৈতৰণী পৰা কৰিবলৈ ভোটৰ লালসাতে নিৰ্বাচনৰ সময়ত নামৰূপ সাৰকাৰখানাত ৰাজনৈতিক দলৰ নেতা পালি-নেতাই ভিৰ কৰেহি বুলি অভিযোগ উত্থাপন কৰি নামৰূপ আছুৰ নেতৃত্বই শ্মশানত চৰকাৰৰ শৱদাহ আৰু মুণ্ডণ কাৰ্যসূচী ৰূপায়নেৰে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, নিৰ্বাচন আহিলেই চৰকাৰৰ বিভিন্ন নেতা মন্ত্ৰীয়ে উদ্যোগটি পৰিভ্ৰমণ কৰি নিৰ্বাচনমূখী বক্তব্যৰে উদ্যোগৰ লগত জড়িত লোক সকলক টোপ দিবলৈ আৰম্ভ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰথমবাৰ শাসনভাৰ লৈয়ে তেওঁৰ 100 দিনীয়া কাৰ্যক্ৰমণিকাত সাৰকাৰখানাৰ চতুৰ্থ গোট অন্তৰ্ভুক্ত কৰিছিল যদিও সেয়াও ফুটুকাৰ ফেনলৈ পৰিণত হ’ল ৷

নামৰূপত চিতাত জ্বলিল বিজেপি চৰকাৰৰ প্ৰতীকী

বৰ্তমান সময়ত নামৰূপ সাৰকাৰখানাৰ দ্বিতীয় গোটত দুৰ্ঘটনা সংঘটিত হৈ পুঁজিৰ অভাৱত মেৰামতি কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকাৰ বিপৰীতে তৃতীয় গোটটো চাট ডাউনৰ বাবে স্তব্ধ হৈ আছে ৷ সাৰকাৰখানাৰ এই সমস্যাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকল বৰ্তমান খেতিৰ সময়ত গভীৰ সমস্যাত ভুগিব লগা হৈছে ৷

মন কৰিবলগীয়া যে, ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ সৰ্বানন্দ সোণোৱালৰ অন্যতম ক্ষেত্ৰ ডিব্রুগড় জিলা ৷ ছাত্ৰ নেতা হৈ থকা অৱস্থাৰে পৰা নামৰূপ সাৰ কাৰখানাৰ সমস্যাৰ সৈতে ভালদৰে পৰিচিত সৰ্বানন্দ সোণোৱাল ৷ ডিব্ৰুগড় লোকসভাৰ সাংসদ হৈ থকাৰ সময়ত দিল্লীলৈ গৈ সাৰকাৰখানাটোৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা সোণোৱালে পৰৱৰ্তী সময়ত নিজে মুখ্যমন্ত্ৰী হোৱাৰ পিছত সাৰকাৰখানাটো পুনৰ উজ্জীৱিতকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপে গ্ৰহণ নকৰিল ৷ যাৰ পৰিণতিত এতিয়া মুখ্যমন্ত্ৰীজনৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে নামৰূপবাসীৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ৷

প্ৰতিবাদস্থলীৰ পৰাই নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দই চৰকাৰক সাৰকাৰখানাৰ চতুৰ্থটো গোটৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী তোলাৰ লগতে কাম আৰম্ভ নকৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ নেতৃত্বই ৷

এতিয়া প্ৰশ্ন হয়, এডভান্টেজ আছামৰ জৰিয়তে ৰাজ্যত উদ্যোগীকৰণৰ বিপ্লৱৰ কথা কৈ অহা মুখ্যমন্ত্ৰীজনে তেওঁৰ গৃহ জিলাতে মৃত্যু মুখলৈ গতি কৰা অতিকৈ লাভজনক উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো পুনৰ উজ্জীৱিতকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবনে ? নে তেওঁৰ কাৰ্যকালৰ ব্যৰ্থতাৰ তালিকা পূৰাব এই সাৰ উদ্যোগটোৱে সেইয়া সময়তহে স্পষ্ট হ’ব ৷

লগতে চাওক-নগাঁৱৰ ক'ভিড হাস্পতালত তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.