ETV Bharat / city

কেৰালাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

author img

By

Published : May 24, 2021, 5:00 PM IST

বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু টিংখাঙৰ যুৱকৰ ‌। পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ । অঞ্চলজুৰি শোকৰ ছাঁ । যুৱকজনৰ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজৰ সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী ৷

কেৰেলাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
কেৰেলাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

টিংখাং, 24 মে' : পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু টিংখাঙৰ যুৱকৰ । টিংখাঙৰ মাহমৰা থুলাই গাঁৱত শোকৰ ছাঁ । টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰা থুলাই গাঁৱৰ জোনাৰাম তিনিকুৰীয়াৰ কণিষ্ঠ পুত্ৰ হীৰামন তিনিকুৰীয়া ওৰফে লাল ভাই (২৩) নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে কেৰালাত ।

উল্লেখ্য যে, কৰ্ম-সংস্থাপনৰ তাগিদাত কেৰালা লৈ গৈছিল হীৰামন তিনিকুৰীয়া নামৰ যুৱকজন । চাৰিবছৰৰ পূৰ্বে কেৰালালৈ যোৱা যুৱকজনে উটেম জিলাৰ চেন্ট গল্ডছ নামৰ কোম্পানী এটাত নিয়োজিত হৈ আছিল ।

কেৰেলাত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে নিজ ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ গৈ বহিঃৰাজ্যতে ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লব লগা হোৱাত এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ যোৱা শুক্ৰবাৰৰ পৰা যুৱকজন নিৰুদ্দেশ হৈ থকাৰ সন্দৰ্ভত কেৰালাত একেলগে কৰ্মৰত সহকৰ্মীয়ে শনিবাৰে ফোনযোগে অৱগত কৰে । দেওবাৰে যুৱকজনৰ মৃতদেহ এখন দলঙত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ।

যুৱকজনৰ মৃতদেহত আঘাত আৰু তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান হীৰামন তিনিকুৰীয়াৰ অকাল মৃত্যুৱে গভীৰ অমানিশা কঢ়িয়াই আনিছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোলৈ । যুৱকজনৰ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজেও সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী তুলিছে ।

লগতে পঢ়ক : মৰাণত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ বহিছে বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.