ETV Bharat / city

ক’ভিডত আক্ৰান্ত চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক

author img

By

Published : Oct 28, 2021, 9:02 PM IST

ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত প্ৰায় ছমাহ বিদ্যালয়সমূহ বন্ধ থকাৰ পাছত অক্টোবৰৰ পৰা পুনৰ মুকলি কৰা হৈছিল শিক্ষানুষ্ঠানসমূহ ৷ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে কঠোৰ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে মুকলি কৰা হৈছিল বিদ্যালয়সমূহ ৷ কিন্তু শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ মাত্ৰ কেইদিনমান পাছতেই চাবুৱাৰ এখন বিদ্যালয়ৰ শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত ৷

A Teacher of Assam Vidyapith Higher Secondary School of Chabua tested covid Positive
ক’ভিডত আক্ৰান্ত চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক

মৰাণ, 28 অক্টোবৰ : চাবুৱা নগৰৰ মাজমজিয়াস্থিত ঐতিহ্যমণ্ডিত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক আক্ৰান্ত হৈছে ক’ভিডত ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিদ্যালয়খনতে সৃষ্টি হৈছে এতিয়া এক আতংকময় পৰিৱেশৰ । এক অনাকাংক্ষিত পৰিৱেশৰ বাবে চিন্তিত হৈ পৰিছে বিদ্যালয়খনত অধ্যয়ন কৰি থকা কণ কণ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল ৷

ক’ভিডত আক্ৰান্ত সহকাৰী শিক্ষকগৰাকী 25 অক্টোবৰৰ পৰা ছুটীত আছিল ৷ প্ৰথম অৱস্থাত শিক্ষকজনক চাবুৱাৰ টাটা ৰেফাৰেলত চিকিৎসাধীন হৈ আছিল যদিও পৰীক্ষাত ক’ভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছতে শিক্ষকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ সহকাৰী শিক্ষকগৰাকীৰ লগতে তেওঁৰ পত্নীৰ দেহতো ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ যাৰবাবে তেওঁৰ পত্নীকো অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ৷

তাৎপৰ্যপূৰ্ণ যে, বিদ্যালয়খনৰ এজন শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতো কিন্তু বৰ্তমানলৈকে বিদ্যালয়খন বন্ধ কৰা হোৱা নাই । ফলত বিদ্যালয়খনত অধ্যয়ন কৰি থকা কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে অনাগত সময়ত সৃষ্টি হ'ব পৰা অনাকাংক্ষিত পৰিৱেশৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱকসকল ।

লগতে পঢ়ক : লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও আটছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.