মৰাণ,8 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ লেপেটকটাত ২৬ নৱেম্বৰৰ পুৱতি নিশা ভয়াবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৬ জন লোকে ৷ উক্ত পথ দুৰ্ঘটনাত মৃত্য়ু হোৱা লোকসকলৰ পৰিয়াললৈ ২ লাখকৈ সাহাৰ্য প্ৰদান কৰিব অসম চৰকাৰে । এই কথা পৰিয়ালক সদৰি কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।
![নিহতৰ পৰিয়াললৈ অসম চৰকাৰৰ ২ লাখকৈ সাহাৰ্য প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8015to8020-govtwillgive2lakstoeachfamilywhodiedinlepetkataroadaccident-as10031_08122020122306_0812f_1607410386_264.jpg)
উল্লেখ্য যে, ধেমাজি চিচি বৰগাঁৱৰ ধুনাগুৰি কলিতা গাঁৱৰ পৰা লেপেটকটা ভগামুৰলৈ কইনা লৈ আহি থকা বৰযাত্ৰীৰ এখন বলেৰ' বাহন দুৰ্ঘটনাত পতিত হয় ৷ ফলত নিহত হয় দৰাৰ দদায়েকসহ ৬ জনকৈ বৰযাত্ৰী। ইফালে ৬ ডিচেম্বৰত কুটুহা ভগামুৰ গাঁৱত নিহত ৬ জন লোকৰ একেলগে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় । উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ ৷ লগতে অসম চৰকাৰৰ হৈ পথ দুৰ্ঘটনাত নিহত হোৱা লোককেইজনৰ পৰিয়ালক ২ লাখকৈ সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়ক চক্ৰধৰ গগৈয়ে।
লগতে পঢ়ক- বাক্সাৰ আঠিয়াবাৰীত বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ