ডিব্ৰুগড়, 9 মাৰ্চ: শিশু আৰু গৰ্ভৱতী মহিলাৰ সঠিক পুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে দেওবাৰৰ পৰা দেশজুৰি উদযাপন কৰা হয় "পোষণ পষেক-2020"। সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত এই সজাগতা সভাৰ ডিব্ৰুগড়তো শুভাৰম্ভ কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত অনুষ্ঠিত শুভাৰম্ভণী অনুষ্ঠানত প্ৰতীকিৰূপত পাঁচগৰাকী মহিলাক পঞ্চামৃত খুওৱাই গৰ্ভৱতী মহিলাসকলে পুষ্টিকৰ আহাৰ গ্ৰহণৰ লগতে এক সুস্থ শিশু জন্ম দিয়াৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলীৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয় ।

আনহাতে এই অনুষ্ঠানতেই ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু মন্ত্ৰী ৰামেশ্বৰ তেলীও গৰ্ভৱতী মহিলাক উদেশ্যি পোষণ সজাগতাৰ বিষয়ে ভাষণ প্ৰদান কৰে । ৰামেশ্বৰ তেলীয়ে এই ক্ষেত্ৰত চৰকাৰৰ সংলগ্ন আন আন আঁচনি সমূহৰ বিষয়েও উপস্থিত গৰ্ভৱতী মহিলা সকলক অৱগত কৰে। উল্লেখ যে, 8 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই পোষণ পষেক 2020 ৰ অন্ত পৰিব 22 মাৰ্চত ৷