ETV Bharat / city

মৰাণৰ 2 নং লুকুমাই গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা

author img

By

Published : Jun 2, 2021, 8:01 PM IST

কৰ’ণা (corona) অনিয়ন্ত্ৰিত হৈ আছে ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ৷ 2নং লুকুমাই গাঁৱত 19 জন ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ পাছতেই গাঁওখনক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে স্বাস্থ্য বিভাগে ৷

মৰাণৰ 2 নং লুকুমাই গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষনা স্বাস্থ্য বিভাগৰ

মৰাণ, 2 জুন : ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ক'ভিড (Covid 19) পৰিস্থিতি এতিয়াও অনিয়ন্ত্ৰিত হৈ আছে । প্ৰতিদিনেই ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়েই আছে । বুধবাৰে মৰাণ ৰাজহ চক্ৰৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ২ নং লুকুমাই গাঁৱক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে স্বাস্থ্য বিভাগে ।

খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া সহ এটা দলে 2 নং লুকুমাই গাঁৱৰ পথটো বাঁহ বান্ধি বেনাৰ আঁৰি বন্ধ কৰি দিয়ে । উল্লেখ্য যে, যোৱা দেওবাৰে স্বাস্থ্য বিভাগৰ এটা দলে গাঁৱখনৰ ৫৭ জনক ক'ভিড টেষ্ট কৰে ।

ইয়াৰে ১৯ জনৰ দেহত ক'ভিড (Covid 19) পজিটিভ ধৰা পৰে । ক'ভিড আক্ৰান্তসকল বৰ্তমান হোম আইচ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে । কিন্তু তিনিদিন পাৰ হোৱাৰ পাছতো প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গাঁওখনক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা নাছিল কিন্তু মঙলবাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে বুধবাৰে খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এটা দলে গাঁওখনক কণ্টেইনমেণ্ট জ'ন চৰকাৰী ভাৱে ঘোষণা কৰি ৰোগী সকলৰ চিকিৎসা, খাদ্যৰ সকলো ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.