ডিব্ৰুগড়, 9 জুন : নৱম এছিয়ান যোগ ক্ৰীড়া চেম্পিয়নশ্বিপ (9th Asian Yoga Championship) ত জেষ্ঠ শ্ৰেণীত হোৱা যোগ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথে ৷ আন্তৰ্জাতিক যুৱ যোগ ফেডাৰেচন ইণ্ডিয়া আৰু ওম চাপথাৰাচি যোগা, মালয়েছিয়াৰ দ্বাৰা আয়োজিত হৈছিল নৱম এছিয়ান যোগ ক্ৰীড়া চেম্পিয়নশ্বিপ।
অনলাইন পদ্ধতিৰে এছিয়া মহাদেশৰ কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত কৃতিত্ব লাভ কৰে প্ৰণৱ কুমাৰ নাথে । প্ৰণৱ কুমাৰ নাথ পেছাত এগৰাকী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ডিব্ৰুগড় আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক । যোৱাটো বৰ্ষৰ ডিচেম্বৰ মাহত ঋষিকেশৰ এছ'চিয়েচন ফৰ যোগ এণ্ড মেডিটেশন (AYM) যোগ বিদ্যালয়ৰ দ্বাৰা আয়োজিত অনলাইন আন্তঃৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপ 2020 বৰ্ষটো জ্যেষ্ঠ শাখাত প্ৰথম স্থান লাভ কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে প্ৰণৱ কুমাৰ নাথে ।
মহামাৰী ক'ভিডৰ সময়ত যোগাসনৰ জৰিয়তে শৰীৰ সুস্থ হৈ থকাৰ লগতে মানসিকভাৱেও সুস্থ সবল হৈ থকা বুলি উল্লেখ কৰি যুৱক-যুৱতি সকলকো যোগাসনৰ প্ৰতি আসক্ত হ’বলৈ আহ্বান জনাই যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথে ।
লগতে পঢ়ক-এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী