ETV Bharat / city

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Sep 28, 2021, 5:04 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

ধেমাজিত কেবিনেট বৈঠকক লৈ তুংগত উঠিছে আৰক্ষী-প্ৰশাসনৰ প্ৰস্তুতি

ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ সাজু হৈছে আৰক্ষী-প্ৰশাসন ৷ ধেমাজিত দিছপুৰ সদৃশ পৰিৱেশ গঢ়ি তোলাত ব্যস্ত প্ৰশাসন ৷

গুলাবৰ পিছতে আন এক ঘূৰ্ণীবতাহে চুই যাব বংগোপ সাগৰ

সম্প্ৰতি বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ গুলাবে দক্ষিণ ওড়িশা আৰু উত্তৰ অন্ধ্ৰ প্ৰদেশক প্ৰভাৱিত কৰিছে ৷ গুলাবৰ পিছতে এইবাৰ আন এক ঘূৰ্ণী বতাহৰ সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

চন্দ্ৰপুৰত নাবালকক অপহৰণৰ চেষ্টা : আটক দুজন

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । ঘৰত কোনো নথকাৰ সুযোগলৈ নাবালকক অপহৰণৰ অপচেষ্টা চলাই বহিঃৰাজ্যৰ দুজন ব্যক্তিয়ে । স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ জালত দুই অপহৰণকাৰী ৷

বিজেপি চৰকাৰ দুখীয়া বিৰোধী : কবিতা কৃষ্ণণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal)ৰ গৃহ পঞ্চায়ত চাবুৱাৰ দধীয়াৰ পৰিস্থিতি বুজ লয় CPI(ML)ৰ নেত্ৰী (Kavita Krishnan)য়ে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰে নেত্ৰীগৰাকীয়ে ৷

তিতাবৰত পাঁচ আইপিএলৰ জুৱাৰী আটক

তিতাবৰৰ মাধপুৰ অঞ্চলৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে পাঁচটা জুৱাৰীক আটক কৰে ৷ তিতাবৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আটক কৰে জুৱাৰীকেইটাক ।

ডিব্ৰুগড়ত পৰম্পৰাগত পানীতোলা সবাহ

১৯৩৫ চনতেই স্থাপন হোৱা লাহোৱালৰ পিৰাফলা গাঁৱৰ বৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হয় লখিমী সবাহ অৰ্থাৎ পানীতোলা সবাহ । এই ধৰ্মীয় অনুষ্ঠানত অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । তাৎপৰ্যপূৰ্ণ যে এই পূজাৰ জৰিয়তে পথাৰত ধানৰ থোক ওলোৱাৰ সময়ত কৃষক ৰাইজৰ সোণোৱালী পথাৰত যাতে ধান উপচি পৰে, পোক-পৰুৱাই অনিষ্ট নকৰাৰ লগতে গাঁওখনৰ অপায়-অমংগল দূৰ হয় তাৰ বাবে প্ৰাৰ্থনা কৰা হয় ।

COVID-19 : ২০১ দিনৰ পিছত আক্ৰান্তৰ সংখ্যা ২০,০০০ লৈ হ্ৰাস

সোমবাৰৰ দিনটোত ভাৰতত হ্ৰাস পাইছে দৈনিক ক'ভিড আক্ৰান্তৰ ঘটনা । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, ২০১ দিনৰ পিছত সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ১৮,৭৯৫ জন হয়গৈ । বৰ্তমান দেশত ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৯২,২০৬ জন ।

RSS ক তালিবানৰে তুলনা কৰি বিপদত জাভেদ আখতাৰ

১২ নৱেম্বৰৰ পূৰ্বে থানেৰ আদালতত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছে সংগীত পৰিচালক জাভেদ আখতাৰক । RSS আৰু বিশ্ব হিন্দু পৰিষদক (VHP) তালিবানৰ সৈতে তুলনা কৰি বিপদত পৰিল শিল্পীগৰাকী ৷

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

মঙলবাৰে দেশৰ ৪ খন মেট্ৰ' চিটিত পুনৰ বৃদ্ধি পালে পেট্ৰ'ল(Petrol) আৰু ডিজেল(Diesel)ৰ মূল্য । দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০১.৩৯ টকা, মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হ'লগৈ 107.47 টকা ।

পুডুচেৰীত বিজেপিৰ দখলত ৰাজ্যসভাৰ প্ৰথমখন আসন

কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰথমগৰাকী ৰাজ্যসভাৰ সাংসদ লাভ কৰিছে ৷ এই বিজয় দলটোৰ সকলো সদস্যৰ বাবে যথেষ্ট গৌৰৱৰ বিষয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.