আগন্তুক 10 দিনত উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাতৰ আশংকা
বাৰিষাৰ শেষৰজাক মৌচুমীৰ আগমনে অহা দহ দিনলৈ প্ৰভাৱিত কৰিব অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ৷ ১৪ আগষ্টলৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নেৰানেপেৰা বৰষুণৰ জাননী ৷
নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুত জিলিকিল লাভলীনা
ভাৰতবৰ্ষৰ ১৩০ কোটি জনতাৰ হৃদয় জিনা অসমৰ প্ৰথমগৰাকী মহিলা অলম্পিয়ান লাভলীনা বৰগোহাঁইক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্য চৰকাৰে ৰঙা দলিচাৰে লাভলীনাক আদৰণি জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে নিজাববীয়াকৈ চলাইছে প্ৰস্তুতি ৷
দলগাঁৱত এনকাউন্টাৰ: আৰক্ষীৰ গুলিত নিহত আছা বাবু
দলগাওঁ থানাৰ অন্তৰ্গত ধনশিৰিৰ কাষত এনকাউন্টাৰ । পুতি থোৱা গুলিভৰ্তি পিষ্টল হাতত লৈয়েই আৰক্ষীলৈ গুলিচলনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলিয়াবলৈ বধ্য হয় ডকাইতজনক ৷
জলসিঞ্চন বিভাগৰ বিৰুদ্ধে টিহুত আছুৰ প্ৰতিবাদত
প্ৰতিবাদ নকৰিলে চৰকাৰে নুশুনা ধৰণৰ এক মনোভাৱ বৰ্তমান সময়ত ৰাজ্যত দেখা পোৱা গৈছে ৷ যিকোনো বিষয় সন্দৰ্ভত প্ৰতিবাদ হোৱাতো স্বাভাৱিক হৈ পৰিছে ৷ কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য কৰে কোনে ? দুটা কাৰ্যালয়ৰ স্থানান্তৰ কৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বিৰুদ্ধে এইবাৰ প্ৰতিবাদ নলবাৰীত ৷
সাময়িক নিলম্বনৰ পাচত আন এক বিতৰ্কত বিনেশ ফোগট
বিনেশ ফোগটৰ প্ৰশিক্ষণৰ বাবদ ভাৰত চৰকাৰে ব্যয় কৰা 1.3 কোটি টকাৰ সদ ব্যৱহাৰ নোহোৱাৰ অভিযোগ ৷ ভাৰতীয় অলিম্পিক ফেডাৰেশ্যনে নিয়মানুৱৰ্তিতা নমনাৰ বাবে বিনেশক সাময়িকভাৱে নিলম্বন কৰিছে ৷
লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনোৱাৰ বাবে কলাক্ষেত্রত চৰকাৰৰ বিশাল অনুষ্ঠান
ঘৰৰ জীয়ৰী ঘৰলৈ উভতিব ৷ তাকে লৈ উথপথপ ৰাজ্য ৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত পদক দখল কৰাৰ পিছত প্ৰথমবাৰলৈ গৃহভূমিত উপস্থিত হ’ব গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই ৷
নাহৰকটীয়াত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত
নাহৰকটীয়াৰ চাচনীত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত কৰিলে গাঁওৰক্ষী বাহিনীয়ে । হেৰ’ইন আৰু ভাং সহ আটাইকেইজনকে হাতে-লোটে কৰায়ত্ত কৰে । ধৃত যুৱককেইজন ভৃগু চমুৱা, বাবলু দাস, সঞ্জয় খনিকৰ আৰু অজয় বৰুৱা ।
এনকাউণ্টাৰ নহয়, আৰক্ষীৰ লাঠিৰ কোবত ৰোগীৰ মৃত্যু !
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়(Kushal Konwar Civil Hospital)ত মঙলবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ৰোগীয়ে চিকিৎসকক ইটাৰে আক্ৰমণ কৰাৰ পাচত আৰক্ষীৰ লাঠিৰ কোবত প্ৰাণ গ'ল ৰোগীৰ ৷
স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনৰ
দেশে এইবেলি উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ পূৰ্বৰ দৰে এইবেলিও স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ উত্তৰ-পূৱৰ একাংশ বিদ্ৰোহী সংগঠনৰ ৷
ATM ত নগদ ধন শেষ হ'লেই ভৰিব লাগিব জৰিমনা
ATM ত নগদ ধন শেষ হ'লে এতিয়াৰে পৰা বেংকে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমত নগদ ধন জমা নাথাকিলে বেংকসমূহৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এটিএমত যাতে ৰাইজৰ বাবে পৰ্যাপ্ত ধন উপলব্ধ থাকে, সেই উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷