ধুবুৰী,16 জুলাই: ক'ভিডৰ তৃতীয় ঢৌৱে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো ক্ৰমাৎ মহামাৰী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে । জিলাখনত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । আজি পুনৰ জিলাখনৰ ভিন্ন প্ৰান্তত নতুনকৈ ৫১ জন লোক ক'ভিডত আক্ৰান্ত হোৱা বুলি জনাইছে জিলা স্বাস্থ্য বিভাগে । আজি জিলাখনৰ ভিন্ন স্থানৰ ৪০৭ জন লোকৰ ৰেপিড এন্টিজেন্ট টেষ্ট কৰা হয় যদিওঁ ইয়াৰে ৫১ জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে । উল্লেখ্য যে শুকুৰবাৰেও জিলাখনত ৬৩ জন লোক আক্ৰান্ত হৈছিল ক'ভিডত । বৰ্তমানলৈকে নতুনকৈ জিলাখনত মুঠ ৩০০ জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে । ইপিনে মুঠ ৩০০ ৰোগীৰ ভিতৰত ৩২ জন ৰোগীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানলৈকে ২৬৮ জন ৰোগী সক্ৰিয় অৱস্থাত আছে । আক্ৰান্ত আটাইকেইজন ৰোগী হোম আইচলেচনত ৰখাৰ ব্যৱস্থা কৰিছে জিলা স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক: Black fever in West Bengal : পশ্চিমবংগত ক'লা জ্বৰৰ প্ৰাদুৰ্ভাৱ