ETV Bharat / city

ধুবুৰীত ৰঙালী বিহুৰ আয়োজন - Aparajita Mahanta

তিনিদিনীয়া কাৰ্যসূচীৰে বিহু অনুষ্ঠানটি আয়োজন কৰিছে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে । বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুকলি কৰা হয় অনুষ্ঠানটি ।

etv bharat
author img

By

Published : Apr 14, 2019, 10:22 PM IST

ধুবুৰী, ১৪ এপ্ৰিলঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰঙালী উচাহ আনন্দ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো আজি গৰু বিহুৰ দিনা উখল মাখল পৰিৱেশ । ৰঙালী বিহু আদৰাৰ বাবে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে আয়োজন কৰিছে তিনিদিনীয়া কাৰ্যসূচীৰ এটি অনুষ্ঠান । বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে মুকলি কৰা হয় ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত আয়োজিত উক্ত অনুষ্ঠানটি ।

ধুবুৰীত ৰঙালী বিহুৰ আয়োজন

নানান সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠানটিত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত শনিবাৰে অংশগ্ৰহণ কৰে ধুবুৰী জিলাৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।

Intro: ধুবুৰীত ৰঙালী বিহুৰ আয়োজন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো আজি গৰু বিহুৰ দিনা উখল মাখল পৰিৱেশ। তিনি দিনীয়া কাৰ্য্যসূচী লৈ ৰঙালী বিহু উদযাপন কাৰ্য্যসূচী হাতত লৈছে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে।

Body: ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰঙালী উচাহ আনন্দ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পিছ পৰি থকা নাই ধুবুৰী। আজি গৰু বিহুৰ দিনা উখল মাখল পৰিৱেশ ধুবুৰীত। তিনি দিনীয়া কাৰ্য্যসূচী লৈ ৰঙালী বিহু উদযাপন কাৰ্য্যসূচী হাতত লৈছে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে। কাৰ্য্যসূচী মতে, প্ৰথমতে পতাকা উত্তোলন কৰা হয় ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত। তাৰ পিছতেই উদযাপন সমিতিৰ সৈতে জড়িত থকা সকলো বিষয়া কৰ্মচাৰী নৃত্যত মতলীয়া হৈ পৰা দেখা যায়। উল্লেখযোগ্য যে, এই তিনিদিনীয়া কাৰ্য্যসূচীত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হব বুলি জনায় উদযাপন সমিতিৰ সভাপতিয়ে।
Byte:- (802) ৰজনী ডেকা, সভাপতি

ইপিনে ধুবুৰী জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশ গ্ৰহণেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ধুবুৰী চহৰত।
Byte:- ( 804 ) এ এ এম এনামূল হক

ইপিনে তেজপুৰীয়া ডেকা তথা ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাই নিজৰ কৰ্ত্তব্যৰ মাজতো বিহু বুলি ওলাই আহিছে। বিহুৰ সময়ত ঘৰলৈ মনত পৰিলেও ধুবুৰীত ৰঙালী বিহু উদযাপন কৰি বহু আনন্দ উপভোগ কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে।
Byte:- (805) তৃণয়ন ভূঞা

আনহাতে এই বিহু কৃষি আৰু কৃষক সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকা বাবে কৃষক সকলক অধিক গুৰুত্ব দিয়াৰ কথা কৈ মঞ্চবিহুৰ পৰিৱৰ্তে গাঁও অঞ্চললৈ এই বিহুৰ প্ৰভাৱ লৈ যোৱাৰ দৰে কেইবাটাও দিশত গুৰুত্বপূৰ্ণ মন্তব্য কৰে উদযাপন সমিতিৰ অহিদ খান পেৰিছে।
Byte:- (806) অহিদ খান পেৰিছ।

Conclusion: মুঠৰ ওপৰত তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে প্ৰতিবাৰৰ দৰে এইবেলিও ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.