ETV Bharat / city

Microfinance ৰ ঋণ মাফ কৰাৰ দাবীত বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

মাইক্ৰফাইনেঞ্চ(Microfinance) কোম্পানী গ' বেক, আমাক ঋণ ৰেহাই দিয়ক, আৰবিআই গাইডলাইন নমনা মাইক্ৰফাইনেঞ্চ হুচিয়াৰ শ্ল'গানেৰে উত্তাল হ’ল বিলাসীপাৰা ৷ মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই নিদিলে ঋণগ্ৰস্থ মহিলাই আত্মজাহ দিলে ড° হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

author img

By

Published : Jun 17, 2021, 10:51 PM IST

Protest demanding waiver of microfinance loan in west Bilashipara
বিলাসীপাৰাত মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,17 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পশুৱালখাল গাঁৱত মাইক্ৰ'ফাইনেঞ্চ (Microfinance)ৰ ঋণ মাফ কৰাৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে । হাতে হাতে প্লে’ কাৰ্ড লৈ মাইক্ৰফাইনেঞ্চ (Microfinance)ৰ ঋণ মাফ কৰক, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফৰ কোনো চৰ্ত মানি লোৱা নহ'ব, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

বিগত 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী সভা সমূহত অসমৰ সকলো শ্ৰেণীৰ মহিলাকে মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (chief Minister Dr. Himanta Biswa Sarma) । কিন্তু শেহতীয়াকৈ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি জাঙুৰ খাই উঠিছে মহিলা সকল ।

মাইক্ৰফাইনেঞ্চ ঋণ সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক হংকাৰ দিয়ে প্ৰতিবাদকাৰী মহিলা সকলে । মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই নিদিলে ঋণগ্ৰস্থ মহিলাই আত্মজাহ দিলে ড° হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক-কংগ্ৰেছক অনুকৰণ কৰিবলৈ বিজেপিক আহ্বান গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.