ETV Bharat / city

ছাত্ৰ আন্দোলনত উত্তাল ধুবুৰীৰ ৰাজপথ

author img

By

Published : Dec 9, 2021, 10:53 PM IST

ধুবুৰীৰ ৰাজপথত ওলাইছে সহস্ৰাধিক কলেজীয়া ছাত্ৰ-ছাত্ৰী (College student protest in Dhuburi)। ন্যায় বিচাৰি ৰাজপথলৈ ওলাইছে ধুবুৰী বি এন কলেজৰ সহস্ৰাধিক শিক্ষাৰ্থী । জানো আহক কিহৰ বাবে চলিছে এই ছাত্ৰ আন্দোলন ৷

protest-against-attack-on-college-girl-in-dhuburi
ছাত্ৰ আন্দোলনত উত্তাল ধুবুৰীৰ ৰাজপথ

ধুবুৰী, 9 ডিচেম্বৰ : ধুবুৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ । এইবাৰ ন্যায় বিচাৰি ধুবুৰীৰ ৰাজপথলৈ ওলাই প্ৰতিবাদী সমদল উলিওৱাৰ উপৰিও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে(College student protest in Dhuburi) । ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ এই উত্তাল প্ৰতিবাদ । দৰাচলতে বুধবাৰে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক দূৰ্বৃত্তৰ দল এটাই প্ৰহাৰ কৰা ঘটনাক লৈ ক্ষুদ্ধ হৈ পৰিছে ছাত্ৰ–ছাত্ৰীসকল(Attack on college girl in Dhuburi ) ।

ছাত্ৰ আন্দোলনত উত্তাল ধুবুৰীৰ ৰাজপথ

আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে(Protest against Attack on college girl in Dhuburi ) । উল্লেখ্য যে, ভোলানাথ মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক প্ৰায় এমাহমান পূৰ্বে দুৰ্বৃত্তৰ দল এটাই যাত্ৰীবাহী টেম্পোৰ পৰা নমাই আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হৈছিল ৰাজপথত(Attack on student of BN college Dhuburi) । উক্ত ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু, এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উত্থাপিত হৈছে অভিযোগ ।

অভিযোগ অনুসৰি, ইয়াৰ মাজতেই ধৰ্মশালা অঞ্চলৰ জয়নাল নামৰ লোকজন আৰু তেওঁৰ বন্ধুৱে মিলি ছাত্ৰীগৰাকীক বুধবাৰে পুনৰবাৰ আক্ৰমণ কৰে ।

বৰ্তমান ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকী । ছাত্ৰী গৰাকীক বাৰম্বাৰ আক্ৰমণ কৰা ঘটনাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত কলেজৰ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে । অৱশ্যে, আৰক্ষী অধীক্ষক গৰাকীয়ে অতি শীঘ্ৰে দুষ্কৃতিকাৰীৰ সেই দলটোক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত শাম কাটে পৰিস্থিতিৰ ।

লগতে পঢ়ক : Land Grabbing Allegation: শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.