ETV Bharat / city

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল ধুবুৰী

author img

By

Published : Jul 6, 2020, 3:40 PM IST

অতি শীঘ্ৰে নতুন ভূমি নীতি প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক সকীয়নি কৃষকমুক্তি সংগ্ৰাম সমিতিৰ ৷ যদি এই নীতি উঠাই নলয় তেন্তে জংগী আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে কৃষকমুক্তি সংগ্ৰাম সমিতি সদস্য সকলে ৷

KMSS Protest Against Govt At Dhubri
ভূমি নীতিঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ

ধুবুৰী,6 জুলাইঃ ধুবুৰীত চৰকাৰৰ বিৰুদ্ধে কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ কৰাৰ দাবীত অনশন কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

অসম চৰকাৰে যোৱা ১৯ জুনত অনুষ্ঠিত কৰা এখন কেবিনেট বৈঠকত অসমত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি উদ্যোগ নীতি অধ্যাদেশ'২০২০ জাৰি কৰে । কিন্তু এই উদ্যোগ নীতি অধ্যাদেশ'২০২০ ক লৈ সমগ্ৰ অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এনে সময়তে এই বিতৰ্কিত উদ্যোগ নীতি অধ্যাদেশ প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাই সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো অনশন কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । এই অনশন কাৰ্যসূচীত অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে এই নীতি অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷

আনহাতে, জাতি মাটি ভেটি সুৰক্ষাৰ শ্ল'গান দি দিছপুৰৰ গাদী দখল কৰা সোণোৱাল চৰকাৰক তীব্ৰ সমালোচনা কৰে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । উল্লেখযোগ্য যে, পুৱা ন বজাৰ পৰা আবেলি চাৰি বজালৈ ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী অনশন কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিব ধুবুৰী জিলা কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক- বিকশিত অসমত বাঁহৰ দলং-ৰঙিয়াত উন্নয়ন!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.