ETV Bharat / city

ধুবুৰীত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা

ধুবুৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ধুবুৰী জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাখনত ধুবুৰী জিলাৰ প্ৰতিখন আঞ্চলিক সমিতিৰ প্ৰতিনিধি বৰ্গৰ উপস্থিতিত সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ধুবুৰীত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা
ধুবুৰীত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা
author img

By

Published : Oct 4, 2020, 6:55 PM IST

ধুবুৰী, 4 অক্টোবৰ : ধুবুৰীত সাহিত্য সভা ভৱনত কৰ্মচাৰী পৰিষদৰ এখন কাৰ্য নিৰ্বাহক সভা এখন অনুষ্ঠিত হয় । উক্ত কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কৰ্মচাৰী পৰিষদে ।

ধুবুৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ধুবুৰী জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হয় । জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি আমজাদ হুছেইন মজুমদাৰৰ সভাপতিত্বত ধুবুৰী সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ দত্ত আৰু সম্পাদক প্ৰধান মৃণাল দাসৰ লগতে কেইবাজনো প্ৰতিনিধি উপস্থিত থাকে । তাৰোপৰি উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

ধুবুৰীত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা
আনন্দ মিশ্ৰ

সভাখনত ধুবুৰী জিলাৰ প্ৰতিখন আঞ্চলিক সমিতিৰ প্ৰতিনিধি বৰ্গৰ উপস্থিতিত সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । গুৰুত্বপূৰ্ণ সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ দত্তকে ধৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বহু কেইজন বক্তাই ভাষণ প্ৰদান কৰে । সভাত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান মৃণাল দাসে কয় যে ইতিমধ্যে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা সম্পন্ন হৈছে আৰু চৰকাৰে অহা ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ চাৰি লাখ পঞ্চাশ হাজাৰ কৰ্মচাৰী আৰু ডেৰ লাখ পেঞ্চনাৰৰ স্বাস্থ্য বীমা আঁচনি ৰূপায়িত হ’ব ।

ইয়াৰ লগতে বিভিন্ন দাবী সমূহ চৰকাৰে পৰ্যক্ৰমে সমাধান কৰাৰ লগতে শিক্ষা বিভাগৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা বুলিও মন্ত্ৰী গৰাকীৰ সৈতে আলোচনা হৈছে বুলি সদৰী কৰে সম্পাদক প্ৰধানে । উল্লেখ্য যে, আজিৰ সভাত কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কোচিত নৌ সেনাৰ ট্ৰেইনিং গ্লাইড দুৰ্ঘটনাগ্ৰস্ত: দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.