ETV Bharat / city

গৌৰীপুৰত সোণ ব্যৱসায়ী অপহৰণ: আৰক্ষীৰ জালত দুই যুৱক - police arrested two kidnappers

7 ছেপ্তেম্বৰত ৰহস্যজনক ভাৱে নিৰূদ্দেশ হৈছিল গৌৰীপুৰৰ পিয়াঁজবাৰী বজাৰৰ প্ৰতিষ্ঠিত সোণ ব্যৱসায়ী আক্তাৰ হুছেইন ৷

গৌৰীপুৰত সোণ ব্যৱসায়ী অপহৰণ: আৰক্ষীৰ জালত দুই যুৱক
author img

By

Published : Sep 9, 2019, 8:49 PM IST

গৌৰীপুৰ, 9 ছেপ্তেম্বৰ: গৌৰীপুৰৰ ক্ষুদ্ৰ সোণ ব্যৱসায়ী আক্তাৰ হুছেইনৰ অপহৰণ কাণ্ডৰ ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষীৰ জালত পৰিল দুই যুৱক৷ হুছেইনৰ পৰিয়ালে আটানী আৰক্ষী চকীত ঘটনা সংক্ৰান্তত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ৰাইজৰ সহযোগত অতি কৌশলগত ভাৱে দুই যুৱক ক্ৰমে ৰমজান আলী আৰু সাহ আলম সেখক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ পৰিয়ালৰ লোকে ইটিভি ভাৰতক জনোৱা অনুসৰি 7 ছেপ্তেম্বৰৰ পুৱা দুগৰাকী যুৱকে অতি কম মূল্যত সোণ ক্ৰয় কৰি দিয়াৰ প্ৰলোভন দি দুখন মটৰ চাইকেলেৰে লৈ গৈ নাটকীয় ভাবে অপহৰণ কৰে আক্তাৰ হুছেইনক ৷ তাৰ পাছত তেঁওক যন্ত্ৰ চালিত নাৱেৰে ব্ৰক্ষ্মপুত্ৰৰ এটা দুৰ্গম চৰাঞ্চললৈ লৈ যায় অভিযুক্ত অপহৰণকাৰী যুৱক দুজনে ৷

গৌৰীপুৰত সোণ ব্যৱসায়ী অপহৰণ: আৰক্ষীৰ জালত দুই যুৱক

আৰক্ষীয়ে দুয়োজন আটকাধীন যুৱকক জেৰা আৰম্ভ কৰিছে যদিও ব্যৱসায়ীজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখযোগ্য যে ব্যৱসায়ী যুৱকজনৰ লগত পাচঁ লাখ টকা আছিল বুলি তেওৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰিছিল, সেই টকা লুট কৰি নিয়াৰ বাবেই অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

Intro:ধুবুৰীৰ গৌৰীপুৰৰ পিয়াঁজবাৰীত ক্ষুদ্ৰ সোণ ব্যৱসায়িক অপহৰণ। অপহৰণৰ অভিযোগত দুই যুৱকক আটক কৰি গতালে আৰক্ষীক।Body:গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ আটানি আৰক্ষী চকীৰ অন্তৰ্গত পিয়াঁজবাৰী বজাৰৰ প্ৰতিষ্ঠিত ক্ষুদ্ৰ সোণ ব্যৱসায়িক অপহৰণ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। তথ্য মতে, যোৱা ৭ ছেপ্তেম্বৰ ৰাতিপূৱা পিয়াঁজবাৰী বজাৰৰ জুয়েলাৰী দোকানী আক্তাৰ হুছেইন (২৮) ক দুগৰাকী যুৱকে অতি কম মূল্যত সোণ ক্ৰয় কৰি দিয়াৰ প্ৰলোভন দি দুখন মটৰ চাইকেলেৰে নাটকীয় ভাবে অপহৰণ কৰি লৈ যায়। তাৰ পিছত এখন যান্ত্ৰ চালিত নাৱেৰে বন্দিহানাৰ ডিমাতলা ব্ৰম্মপূত্ৰ নদীৰে দুৰ্গম স্পৰ্শকাতৰ চৰাঞ্চললৈ লৈ যায়। পিছত অপহৃদ যুৱক জনৰ কোনো সন্ধান নাপাই তেওঁৰ পৰিয়ালে গৌৰীপূৰৰ আটানী আৰক্ষী চকীত ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আটানী আৰক্ষীয়ে কৌশলগত ভাবে একাংশ ৰাইজ আৰু বন্দিহানা আৰক্ষীৰ সহযোগত যুৱক দ্বয়ক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দ্বয় বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ছেন্ড ব্লক গাওঁৰ উমেদ আলীৰ পূত্ৰ ৰমজান আলী(২২) আৰু মাছিপাৰা গাওঁৰ বাহাদুৰ আলীৰ পূত্ৰ সাহ আলম সেখ (২০) বুলি আৰক্ষী সুত্ৰে প্ৰকাশ। আৰক্ষীয়ে দুয়োকে জেৰা চলাইছে যদিওঁ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই অপহৃদ ক্ষুদ্ৰ ব্যৱসায়ী জনৰ।Conclusion:উল্লেখযোগ্য, ক্ষুদ্ৰ ব্যৱসায়ী যুৱক জনৰ লগত পাচঁ লাখ টকা আছিল বুলি তেওৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰে। সেয়ে টকাৰ লুট কৰি নিয়াৰ বাবেই এই অপহৰণ নেকি বুলি প্রশ্ন উত্থাপন হৈছে। যদিওঁ আৰক্ষীয়ে ক্ষুদ্ৰ ব্যৱসায়ী জনৰ সন্ধান উলিয়াব নোৱাৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.