ধুবুৰী, 29 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচটো কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লিয়ামজাত পণ্যৰ ওপৰত অধিক আৱকাৰী শুল্ক আৰোপ কৰিছিল ৷ বিগত মে' মাহত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে আৰোপ কৰা আৱকাৰী মূল্যৰ পিচতে পেট্ৰ'লত 10 টকা আৰু ডিজেলত 13 টকা আৱকাৰী শুল্ক বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা অতিৰিক্ত আৱকাৰী শুল্কৰ ফলত দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ লকডাউনৰ মাজতো এইদৰে গুৱাহাটীকে ধৰি দেশৰ প্ৰায়ভাগ মহানগৰীতে চৰকাৰে আৰোপ কৰা আৱকাৰী শুল্কৰ ফলত প্ৰায় 80 টকালৈকে বৃদ্ধি পাইছিল প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ মূল্য ৷
পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মূল্যবৃদ্ধিক লৈ শাসকীয় দলক এসেকা দিয়াৰ লক্ষ্য হাতত লৈছে ৰাজ্যৰ বিৰোধী দলসমূহে ৷ বিজেপিয়ে মূল্যবৃদ্ধি ৰোধৰ বাবে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাক লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ ইয়াকে লৈ সোমবাৰে ধুবুৰী ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে । লকডাউনৰ সময়তে দেশ তথা ৰাজ্যবাসীৰ চৰম সংকটৰ সময়ত যোৱা কিছুদিনৰ পৰা ধাৰাবাহিকভাবে পেট্ৰ'লজাত সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে । ইয়াকে লৈ কংগ্ৰেছ দলে সমগ্ৰ দেশতে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰে অংশ হিচাপে ধুুবুৰী জিলা কংগ্ৰেছে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি উত্তম সৰকাৰৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী আৰু প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ লগতে জিলা যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছ, এন এছ ইউ আইকে ধৰি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদৰ অন্তত কংগ্ৰেছে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতি লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক বোৰ্ডে জাৰী কৰা নিৰ্দেশনা অনুসৰি, পেট্ৰ'লত বিশেষ অতিৰিক্ত আৱকাৰী শুল্ক প্ৰতি লিটাৰত ₹2 আৰু পথ শুল্ক ₹8 টকা বৃদ্ধি কৰা হয় ৷ একেদৰেই ডিজেলৰ ক্ষেত্ৰটো বিশেষ অতিৰিক্ত আৱকাৰী শুল্ক প্ৰতি লিটাৰত ₹5 আৰু পথ শুল্ক ₹8 টকা বৃদ্ধি কৰা হয় ৷ ইয়াৰ দ্বাৰাই আৱকাৰী শুল্ক হয়গৈ পেট্ৰ'ল প্ৰতি লিটাৰত সৰ্বমুঠ ₹32.98 আৰু ডিজেল প্ৰতিলিটাৰত ₹31.83 ৷ মোডী চৰকাৰে 2014 চনত দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত পেট্ৰ'লত থকা শুল্ক আছিল প্ৰতিলিটাৰত ₹9.48 আৰু ডিজেল প্ৰতিলিটাৰত আছিল ₹3.56 ৷
লগতে পঢ়কঃ মোডীৰ শাসনকালত পেট্ৰ'লিয়াম পণ্যৰ আৱকাৰী শুল্ক তিনিগুন বৃদ্ধি