ETV Bharat / city

নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান ৰত্নপীঠ মহাবিদ্যালয়ে পাৰ কৰিলে 43টা বৰ্ষ - নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান ৰত্নপীঠ মহাবিদ্যালয়

নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মানসকন্যা ৰত্নপীঠ মহাবিদ্যালয়ে পাৰ কৰিলে সফলতাৰ 43টা বৰ্ষ ৷ 1 ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ 43সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷

নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান ৰত্নপীঠ মহাবিদ্যালয়ে পাৰ কৰিলে 43টা বৰ্ষ

author img

By

Published : Sep 2, 2020, 12:56 AM IST

পূৱ বিলাসীপাৰা, 1 ছেপ্টেম্বৰ : নামনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান, ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ বহলপুৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ 43তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানসকন্যা,পূৱ বিলাসীপাৰাৰ বহলপুৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ মঙলবাৰে 43তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । কৰ'ণা মহামাৰীৰ বাবে জাকজমকতা নৰখাকৈ সাধাৰণভাৱেই মহাবিদ্যালয়খনে পালন কৰে প্ৰতিষ্ঠা দিৱস ।

ৰাতিপুৱা পতাকা উত্তোলন,কলেজ সংগীত পৰিৱেশন কৰাৰ পিছত গছ-পুলি ৰোপন কাৰ্য্যসূচীৰ অন্তত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সভাত কলেজৰ বাবে ত্যাগ কৰা প্ৰতিজন ব্যক্তিক সন্মান জনোৱাৰ লগতে সোমবাৰে নিধন হোৱা ভাৰতৰত্ন,প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী দেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুখাৰ্জীৰ আত্মাৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । উক্ত স্মৃতিচাৰণ সভাত উপস্থিত থাকে ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ,অধ্যাপক-অধ্যাপিকা,কৰ্মচাৰীসকলৰ লগতে মহাবিদ্যালয়খনৰ লগত জড়িত বয়োজ্যেষ্ঠ সমাজসেৱক ব্যক্তিসকল ।

নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান ৰত্নপীঠ মহাবিদ্যালয়ে পাৰ কৰিলে 43টা বৰ্ষ

লগতে পঢ়ক : কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.