ETV Bharat / city

ডিব্ৰুগড়ত শাক পাচলিৰ দোকানত খাদ্য আৰু যোগান বিভাগৰ বিষয়া - জিলা প্ৰশাসন

ডিব্ৰুগড়ৰ শাক-পাচলিৰ দোকানে দোকানে জিলাৰ খাদ্য আৰু যোগান বিভাগৰ বিষয়া ৷ বন্ধৰ সুযোগ লৈ খাদ্য সামগ্ৰীক অত্যাধিক দাম লোৱাৰ অভিযোগ ৷

ডিব্ৰুগড়ত শাক পাচলিৰ দোকানত খাদ্য আৰু যোগান বিভাগৰ বিষয়া

author img

By

Published : May 19, 2021, 9:42 PM IST

ডিব্ৰুগড়, 19 মে': ক'ভিডৰ ভয়াৱহতা আৰু আৰু আংশিক লকডাউনৰ সুযোগ লৈ ডিব্ৰুগড়ত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা বুলি ৰাইজে অভিযোগ কৰে ৷ এই অভিযোগ উত্থাপনৰ পাছতেই সক্ৰিয় হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ বুধবাৰে ডিব্ৰুগড় জিলাৰ শাক-পাচলিৰ দোকানে দোকানে জিলাৰ খাদ্য আৰু যোগান বিভাগৰ বিষয়াই পৰ্যবেক্ষণ কৰে ৷

ডিব্ৰুগড় প্ৰশাসনে খাদ্য সামগ্ৰীৰ দাম নিৰ্দিষ্ট কৰি দিয়াৰ পাছতো একাংশ ব্যৱসায়ীয়ে বন্ধৰ সুযোগ লোৱা পৰিলক্ষিত হৈছে ৷ সেয়েহে ডিব্ৰুগড় জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত বিভাগৰ বিষয়া সকলে গৈ চহৰখনৰ বিভিন্ন স্থানত শাক পাচলিৰ লগতে দোকান সমূহত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী গ্ৰাহকসকলে সঠিক মূল্যত লাভ কৰি আছে নে নাই তাৰ বিষয়ে বুজ লয় ৷

ইয়াৰ উপৰিও যদি এই ক্ষেত্ৰত কোনো বিক্ৰেতাই গ্ৰাহকৰ পৰা অস্বাভাৱিক হাৰত কোনো সামগ্ৰীৰ মূল্য দাবী কৰে বা লয় তেনেহলে ৰাইজে সঠিক নাম আৰু ঠিকনাৰ সৈতে ৭৮৯৬৮৩২৬৮৩ নম্বৰত বিভাগীয় কৰ্তৃপক্ষক ততাতৈয়াকৈ জনাব পৰিব আৰু বিভাগে এই ক্ষেত্ৰত আইন অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ক’ভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰকৰি খুমটাইত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.