ETV Bharat / city

ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ঘাটত দেৱী প্ৰতিমা বিসৰ্জন - ধুবুৰী

পুৱা চাৰে আঠ বজাৰ পৰাই ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত দুৰ্গা দেৱীৰ বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

DURGA DEBI BIXORJON AT DHUBRI
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ঘাটত দেৱী প্ৰতিমা বিসৰ্জন
author img

By

Published : Oct 26, 2020, 1:56 PM IST

ধুবুৰী, 26অক্টোবৰঃ ধুবুৰীত আৰম্ভ হৈছে দেৱী প্ৰতিমা বিসৰ্জন কাৰ্যসূচী । কোভিড প্ৰট'কল অনুযায়ী পুৱা চাৰে আঠ বজাৰ পৰাই আৰম্ভ হৈছে দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া ।

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো পুৱাৰে পৰা আৰম্ভ হৈছে দেৱী দুৰ্গা প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া । পুৱা চাৰে আঠ বজাৰ পৰাই ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে । এইবেলি সমগ্ৰ জিলাখনতে ২৯৬ খন দুৰ্গা পূজাৰ আয়োজন কৰা হৈছিল । সম্পূৰ্ণ কোভিড-19 প্ৰট'কল মতেই বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে । জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা অনুসৰি আবেলি 3:30 বজাৰ ভিতৰত সম্পন্ন হ'ব দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া ।

ধুবুৰীৰ ব্ৰহ্মপুত্ৰ ঘাটত দেৱী প্ৰতিমা বিসৰ্জন

উল্লেখ্য যে, এইবেলি প্ৰতিমা বিসৰ্জনৰ সময়ত কোভিড প্ৰট'কলৰ বাবে ৰাইজৰ মনত পূৰ্বৰ সেই হাঁহি আনন্দ দেখিবলৈ পোৱা নগ'ল ।

লগতে পঢ়ক- ধুবুৰীত প্ৰশাসনে উচ্ছেদ কৰিলে গাঞ্জা খেতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.