ধুবুৰী, 11 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান(Anti Drugs Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে ধুবুৰী বি এন কলেজ আৰক্ষী চকীৰ এটি দলে নাথপাৰা অঞ্চলত এক অভিযান চলায় ৷
এই অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা(Drug Peddler Arrested by Dhubri Police)ৰ লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে(Drugs Seized at Dhubri) ৷ আটকাধীন সৰবৰাহকাৰীটোৰ নাম আব্দুল হাকিম শ্বেখ ৷
এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাইছিল ৷ জিলাখনৰ অয়ৰান জংলা অঞ্চলৰ এইজন সৰবৰাহকাৰীয়ে দীৰ্ঘদিনৰে পৰা বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি অহা বুলি আৰক্ষীয়ে সদৰী কৰে ৷
ইতিমধ্যে বিগত সময়ত কেইবাটাও অভিযানত বহুসংখ্যক ড্ৰাগছ, সুৰা, গাঞ্জা, চোৰাং গৰু আদি জব্দ কৰাৰ লগতে কেইবাজনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষী ৷ সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : Drugs Free Assam: DGP য়ে ক’লে, কেনেকৈ অসমলৈ আহে ড্ৰাগছ