ETV Bharat / city

বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ - পাটাকাটাৰ উপ স্বাস্থ্যকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ

টিনৰ চালি আৰু মৰাপাটৰ বেৰৰ জৰিয়তে কোনোৰকমে চলিছে বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰ ৷ কেৱল বুধবাৰেহে স্বাস্থ্যকেন্দ্ৰত উপস্থিত হয় চিকিৎসক আৰু নাৰ্ছ ৷

বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ
author img

By

Published : Nov 6, 2019, 1:15 PM IST

পশ্চিম বিলাসীপাৰা, 6 নৱেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰই লৈছে জৰাজীৰ্ণ ৰূপ। টিনৰ চালি আৰু মৰাপাটৰ বেৰৰ জৰিয়তে কোনোৰকমে চলি থকা স্বাস্থ্যকেন্দ্ৰটোত কেৱল বুধবাৰেহে উপস্থিত হয় চিকিৎসক আৰু নাৰ্ছ ৷

বিলাসীপাৰাৰ পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ ফোপোলা স্বৰূপ উদঙাইছে পাটাকাটা উপ স্বাস্থ্যকেন্দ্ৰটোৱে ৷ উপ স্বাস্থ্যকেন্দ্ৰটোৰ বিচনা আৰু আচবাব-পত্ৰৰ অৱস্থাও অতি পুতৌজনক । উল্লেখ্য যে, AIUDF প্ৰধান বদৰুদ্দিন আজমল আৰু বিলাসীপাৰা সমষ্টিৰ বিধায়ক হাফিছ বছিৰ আহমেদ কাছিমীৰ অকৰ্মন্যতা তথা হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীনতাৰ বাবে চিকিৎসালয়খনে এনে জৰাজীৰ্ণ ৰূপ লৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ কোকৰাঝাৰত কৰ যোৰে প্ৰাৰ্থনা ভাৰতীয় নৌ-সেনা জোৱানৰ

Intro:Anchor :- ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ পাটাকাটা উপ স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ ।Body:V/O :- হায় মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া । আজি আমি আপোনাৰ চকু খোল খোৱাবলৈ দেখুয়াম এক বাস্তৱ ছবি । মন্ত্রী ডাঙৰীয়া চাওঁক এয়া আপোনাৰ স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা স্বৰূপ । এই খন হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ পাটাকাটা দ্বিতীয় খণ্ড গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰ । এই খন স্বাস্থ্য কেন্দ্ৰত চৰকাৰে চিকিৎসক, নাৰ্ছ আৰু ঔষধ ঠিকেই যোগান ধৰিছে কিন্তু ৰাইজে নো কি পাইছে বাৰু ? মাহৰ প্ৰতিটো বুধবাৰ কৈ স্বাস্থ্য কেন্দ্ৰত আহে চিকিৎসক আৰু নাৰ্ছ । বাকী দিনবোৰ ঘৰত বহি লৈছে দা দৰমহা । কিন্তু চকু পৰা নাই স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । হয় । টিনৰ চালি মৰাপাটৰ বেৰৰে জৰাজীৰ্ণ অৱস্থাত চলি আছে উক্ত পাটাকাটা উপ-স্বাস্থ্য কেন্দ্ৰটো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ ফোপোলা স্বৰূপ উদঙাই দিছে এই খন উপ- স্বাস্থ্যই । এয়া চাওঁক পাটাকাটা উপ-স্বাস্থ্য কেন্দ্ৰৰ বিচনা আৰু আচবাৱ পত্রৰ দৃশ্য । ইয়াত মানুহ নে পশুক চিকিৎসা প্ৰদান কৰা হয় । উল্লেখ্য যে, চৰাঞ্চলৰ ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধানত ত্ৰান কৰ্তা হিচাপেও জাহিৰ কৰা বদৰুদ্দিন আজমল আৰু সমষ্টি খনৰ বিধায়ক হাফিছ বছিৰ আহমেদ কাছিমীৰ অকৰ্মণ্যতা আৰু স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত কৰা সাম্প্ৰদায়িক মনোভাৱৰ বাবেই এনেদৰে জীয়াতু ভুগি আহিছে চৰাঞ্চলৰ ৰাইজে । স্মৰ্তব্য যে, এই খন জৰাজীৰ্ণ পাটাকাটা উপ-স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতি চকু দিব নে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সেয়া সময়তহে লক্ষণীয় হব ।Conclusion:Byte :- স্থানীয় ৰাইজ ।

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.