ETV Bharat / city

12 জনৰ দেহত ক’ভিড; সাতদিনৰ বাবে তলা ওলমিল ধুবুৰী ষ্টেট বেংকৰ মূল শাখাত

author img

By

Published : Dec 30, 2021, 10:45 PM IST

ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী মূল শাখাৰ মহা প্ৰৱন্ধক-কৰ্মচাৰী আৰু এটি শিশুসহ মুঠ ১৩ জনৰ দেহত ক’ভিড । সাতদিনৰ বাবে কণ্টেইনমেন জ’ন(Dhubri State Bank Declared as containment zone) ঘোষণা প্ৰশাসনৰ । চাৰিজনৰ পলাতক, নীৰৱ প্ৰশাসন-স্বাস্থ্য বিভাগ ।

dhubri-state-bank-declared-as-containment-zone
ধুবুৰীৰ ষ্টেট বেংকৰ মূল শাখা

ধুবুৰী, 30 ডিচেম্বৰ : সমগ্ৰ দেশৰ লগতে এতিয়া অসমতো আতংকৰ সৃষ্টি কৰিছে অ’মিক্ৰণে (Omicron Menace in Assam) । কৰ’ণাতংকৰ মাজতে বৃহস্পতিবাৰে ধুবুৰীৰ ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী মূল শাখাৰ মহা প্ৰৱন্ধক, তেওঁৰ পুত্ৰ আৰু কৰ্মচাৰীসহ মুঠ ১৩ জনৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ৰ অৱস্থিতি । বেংকটোত একে সময়তে প্ৰায় ১২ জনকৈ কৰ্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই জিলা প্ৰশাসনে বেংকটো সাত দিনৰ বাবে কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰে(Dhuburi SBI main branch sealed) ।

ইপিনে ক’ভিড আক্ৰান্তসকলৰ অধিকাংশই পঞ্চাশ উৰ্ধৰ হোৱা হেতুকে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে । দৰাচলতে ২৭ ডিচেম্বৰত ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাৰ ৩০ গৰাকী কৰ্মচাৰীৰ ক’ভিড টেষ্ট কৰা হৈছিল । ইয়াৰে ৮ গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । বৃহস্পতিবাৰে ফলাফল ওলোৱাৰ পিছতেই আজি বেংকৰ সকলো কৰ্মচাৰীৰ ক’ভিড টেষ্ট কৰাত নতুনকৈ পুনৰ ৪ গৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে ৷

dhubri-state-bank-declared-as-containment-zone
ধুবুৰীৰ ষ্টেট বেংকৰ মূল শাখাত কৰ’ণাতঙ্ক

বেংকটোৰ মহা প্ৰৱন্ধকৰ কণমানি আঠ বছৰীয়া পুত্ৰৰ দেহতো ধৰা পৰে ক’ভিড পজিটিভ । ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ বাহিৰত সেইমতে এখন ১০৮ এম্বুলেন্স কেইবা ঘণ্টা অপেক্ষা কৰাৰ পিছত ১২ কৰ্মচাৰীৰ ভিতৰৰ মাত্ৰ দুগৰাকী কৰ্মচাৰীহে এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয় লৈ নিয়া হয় । আন বিষয়া কৰ্মচাৰীৰ ভিতৰত চাৰিগৰাকী পলাতক অৱস্থাত থকাৰ লগতে বাকীকেইজনে নিজে নিজে ঘৰলৈ যোৱা বুলি জানিব পৰা গৈছে ।

লক্ষণীয় যে, জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ ক’ভিড আক্ৰান্ত ৰোগী নিজে নিজে ঘৰলৈ যোৱা আৰু পলাই পত্ৰং দিয়া বিষয়টো এক ভয়াৱহতাৰ ইংগিত দিছে । ক’ভিড আক্ৰান্ত ৰোগীয়ে ধুবুৰীত ভয়ংকৰ গণ সংক্ৰমণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে । যদিও এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হয় । যাৰ সুযোগ লৈ ক’ভিড আক্ৰান্ত ৰোগী পলাই যাবলৈ সক্ষম হোৱাৰ বিপৰীতে অধিকাংশই নিজে নিজেই ঘৰলৈ যাবলৈ সক্ষম হয় ।

ইপিনে ক’ভিড আক্ৰান্ত আটাইকেইজনৰ অ’মিক্ৰণ টেষ্টৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । সেয়ে পলাতক আৰু নিজে নিজে ঘৰলৈ যোৱা কৰ্মচাৰীৰ দেহত যদি অ’মিক্ৰণৰ অৱস্থিতি ধৰা পৰে তেন্তে ক’ভিড ১৯ ৰ সমানে সমানে মহামাৰী অমিক্ৰণে ভয়ংকৰ গণ সংক্ৰমণ কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : নতুন বছৰত 25 লাখ সদস্যভৰ্তিৰ লক্ষ্য অগপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.