ETV Bharat / city

বিশ্বনাথ আৰু ধুবুৰীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় একতা দিৱস ৷ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি চৰ্দাৰ বল্লভ ভাই পেটেলৰ 144 সংখ্যক জন্মজয়ন্তীৰ দিনা দেশৰ সমগ্ৰ প্ৰান্ততে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় ৷ দেশৰ লগতে ৰাজ্যৰ সমগ্ৰ প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী আৰু বিশ্বনাথত পালন কৰা হ'ল ৰাষ্ট্ৰীয় একতা দিৱস ৷

ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন
author img

By

Published : Oct 31, 2019, 10:36 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰ: আজি লৌহ পুৰুষ তথা দেশৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰী প্ৰয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ 144 সংখ্যক জন্মজয়ন্তী ৷ ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি উক্ত দিনটোতে দেশৰ সমগ্ৰ প্ৰান্ততে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয় ৷ আজিও ইয়াৰ ব্যতিক্ৰম নহ'ল ৷ দেশৰ লগতে ৰাজ্যৰ সমগ্ৰ প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী আৰু বিশ্বনাথত পালন কৰা হ'ল ৰাষ্ট্ৰীয় একতা দিৱস ৷

ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে আবেলি 4 মান বজাত ধুবুৰী চহৰত কুচকাৱাজ শোভাযাত্ৰা উলিয়াই ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে। চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি আৰক্ষী জোৱান, মহিলা আৰক্ষী, যান বাহন শাখাৰ আৰক্ষী আৰু গৃহৰক্ষী বাহিনীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সমবেত হয়। এই অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক যুৱৰাজ আৰু জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ লগতে আৰক্ষী বিষয়া আৰু জোৱান সকলে লৌহ মানৱ বল্লভ ভাই পেটেলৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

একেদৰে বিশ্বনাথটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস ৷ ইয়াৰ অংশ হিচাপে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত "ৰাণ ফৰ ইউনিটী" শীৰ্ষক সমূহীয়া দৌৰৰ আয়োজন কৰা হয়। কেন্দ্ৰীয়ভাৱে আয়োজিত এই অনুষ্ঠানৰ উপৰিও বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, জনসংযোগ কাৰ্যালয়, জিলা কৃষি বিষয়াৰ কাৰ্যালয়, আদিকে ধৰি বিশ্বনাথ জিলাৰ প্ৰায়বোৰ চৰকাৰী কাৰ্যালয়তে বৃহস্পতিবাৰে সমূহ বিষয়া-কৰ্মচাৰী একত্ৰিত হৈ ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণ কৰে।

Intro:আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ধুবুৰী আৰক্ষীৰ বিশেষ কুচকাৱাজ শোভাযাত্ৰা। শোভাযাত্ৰাৰ অন্তত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

Body: আজি লৌহ মানৱ বল্লভ ভাই পেটেলৰ ১৪৪ তম ওপজা দিন। ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আজি দেশ তথ্যৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে আজি আবেলি প্ৰায় চাৰিমান বজাত ধুবুৰী চহৰত উলিয়াই মাৰ্চ পাষ্ট অৰ্থাৎ কুচকাৱাজ শোভাযাত্ৰা। চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি আৰক্ষী জোৱান, মহিলা আৰক্ষী, যান বাহন শাখাৰ আৰক্ষী আৰু গৃহৰক্ষী বাহিনীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কুচকাৱাজ কৰি গৈ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত সমবেত হয়।

পিছত জিলা আৰক্ষী অধীক্ষক যুৱৰাজ আৰু জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ লগতে আৰক্ষী বিষয়া আৰু জোৱান সকলে লৌহ মানৱ বল্লভ ভাই পেটেলৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Conclusion:আজি ৰাষ্ট্ৰীয় একতা দিৱসত এই কাৰ্য্যসূচী ৰূপায়ন কৰি সকলোৱে একতাৰে কাম কৰি যোৱাৰ এক সংকল্প গ্ৰহণ কৰে আৰক্ষীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.