ধুবুৰী, 4 মে’: ধুবুৰীৰ গৌৰীপুৰৰ লালকুৰা প্ৰথম খণ্ড গাঁৱত বুধবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এটা হৰিণাৰ পোৱালী (Deer recovered from Gauripur) । স্থানীয় ব্যক্তিয়ে হৰিণাটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰাৰ পাছতেই হৰিণাটো চাবলৈ ৰাইজে হেতা ওপৰা লগায় ৷
জানিব পৰা মতে, খাদ্যৰ অভাৱত বিটিএডিৰ ৰূপচী বনাঞ্চলৰ পৰা জনাঞ্চাললৈ আহিছিল হৰিণা পোৱালীটো । তাৰ পিছতই বুধবাৰে পুৱা লালকুৰা গাঁৱৰ এগৰাকী খেতিয়কৰ পথাৰত সোমাই ঘাঁহ খাই থকা অৱস্থাত ৰাইজে খেদি খেদি হৰিণাটোক উদ্ধাৰ কৰে ৷ তাৰ পিছতেই স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰে ৷
লগে লগে ঘটনাস্থলীত বাশবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটা বনকৰ্মীৰ দল উপস্থিত হৈ হৰিণাটো উদ্ধাৰ কৰে । ইতিমধ্যে এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : কলকাতাত নামঘৰ স্থাপন : বঙালী পৰিয়ালে দান কৰিলে ভূমি