ETV Bharat / city

উপ নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগৰে চৰ্চাত বিৰোধী দল কংগ্ৰেছ - Pradesh Congress

ৰাজ্যত আকৌ এবাৰ চলিছে নিৰ্বাচনী ঢৌ ৷ এআইইউডিএফৰ লগত মিত্ৰতা ভংগ কৰাৰ পিছতেই উপ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰ প্ৰসংগক লৈ সম্প্ৰতি চৰ্চাত আছে কংগ্ৰেছ দল ।

Congress leaders Zakir Sikdar and Wajed Ali Reaction
উপ নিৰ্বাচনত মিত্ৰতাৰ প্ৰসংগক লৈ কংগ্ৰেছ নেতাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Sep 18, 2021, 9:56 AM IST

ধুবুৰী, 18 ছেপ্তেম্বৰ : ৰাজ্যৰ ছটাকৈ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাৰ প্ৰসংগ লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত বাৰুকৈয়ে চৰ্চা চলিছে । ইপিনে কংগ্ৰেছে এআইইউডিএফৰ লগত মিত্ৰতা ভংগ কৰাৰ পিছতেই সলনি হ’ব ধৰিছে ৰাজনৈতিক প্ৰেক্ষাপট ।

এনে সময়তে শুকুৰবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি সাংগঠনিক দিশত আলোচনা কৰাৰ পিছত মিত্ৰতাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ৱাজেদ আলী চৌধুৰীয়ে ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে উপ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ’বলৈ কংগ্ৰেছৰ দুৱাৰ খোলা ৰাখিছে বুলি মন্তব্য কৰে । তেওঁ উপ নিৰ্বাচনৰ অনুষ্ঠিত হ’বলগীয়া সমষ্টিৰ বাবে সমিতি গঠন কৰাৰ কথা ব্যক্ত কৰি এই সমিতিবোৰে ৰাইজৰ মাজলৈ গৈ আৰু দল সংগঠনৰ লগত কথা পাতি এই সন্দৰ্ভত দলৰ বিষয়ববীয়াৰ লগত কথা পাতি সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে ৷

মিত্ৰতাৰ প্ৰসংগত কি ক’লে জাকিৰ হুছেইন শিকদাৰে...

লগতে চলিত মাহৰ শেষৰ ভাগত কংগ্ৰেছে উপ নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰিব বুলি জানিবলৈ দিয়ে ৷ আনহাতে, বিধায়ক অখিল গগৈৰ স্থিতি সম্পৰ্কত শিকদাৰে কয় যে, যি সময়ত অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে, সেই সময়ত বিজেপিৰ বিৰুদ্ধে, বিজেপিৰ কথা পাতিব লাগে ৷ কিন্তু সংবাদ মাধ্যমে কেৱল অখিল গগৈৰ প্ৰসংগহে আলোচনা কৰিছে বুলি প্ৰকাশ কৰে ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে বিজেপি দল আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপিক পৰাভূত কৰাৰ বিপৰীতে উপ নিৰ্বাচনত কংগ্ৰেছক ৰাইজে আশীৰ্বাদ কৰিব বুলি দাবী কৰে ৷

আনহাতে, এআইইউডিএফে বিজেপিৰ সৈতে ব্যৱসায়িক অংক কৰাৰ বাবেই দলটোৰ লগত মিত্ৰতা ভংগ কৰাৰ কথা জানিবলৈ দিয়ে কংগ্ৰেছ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । তেওঁ লগতে চৰকাৰে বিধায়ক পুঁজি হ্ৰাস কৰাৰ লগতে দৰিদ্ৰ ল’ৰা-ছোৱালী আৰু ৰোগীৰ বাবে আৱণ্টন দিয়া পুঁজি বন্ধ কৰাৰ কথা ব্যক্ত কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক : উপ-নিৰ্বাচনত বিজেপিয়ে ৬টা সমষ্টিয়েই আজুৰি আনিব: অজয় জামোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.