বিলাসীপাৰা, ৮ জুন: সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক'ৰণা (Corona)ই ত্ৰাসৰ সৃষ্টি কৰিছে । ক'ৰণা (Corona) মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰা উপায় হ’ল সজাগ আৰু সচেতনতা । এই দূৰ্যোগৰ সময়ত বিভিন্ন চৰকাৰী, বে-চৰকাৰী সংগঠন সমূহে ৰাইজৰ মাজত সজাগ সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে ৷
এইবাৰ চাপৰৰ বিভিন্ন অঞ্চলত ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ আগুৱাই আহিছে চাপৰৰ বন্ধন বেংকৰ কৰ্মচাৰী । বন্ধন বেংকৰ বন্ধন-কোন্নগৰৰ উদ্যোগত চাপৰৰ ধীৰেৰ চৰ-তাৰাংগাপুৰকে ধৰি বিভিন্ন গাঁৱত এতিয়া বন্ধন-কোন্নগৰে চলাইছে সজাগতামূলক কাৰ্যসূচী ।
ঠায়ে ঠায়ে ক’ভিড-19 (Covid 19)ৰ সতৰ্কতা বৃদ্ধিৰ বাবে মাইকিংৰ কৰাৰ ওপৰিও ক’ভিড (Covid) প্ৰতিৰোধৰ সতৰ্কতা সমূহ বেলট পেপাৰ জৰিয়তে ৰাইজক বিতৰণ কৰি আছে । ঠাই বিশেষে মাক্স বিতৰণ কৰা পৰিলক্ষিত হৈছে বন্ধন বেংকৰ কৰ্মচাৰী সকলক ।
লগতে পঢ়ক :বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে চিপিআই(এম)ৰ গুৰুতৰ অভিযোগ