ধুবুৰী,6 ডিচেম্ৱৰঃ যোৱা ২৯ আগষ্টত ধুবুৰীৰ ভাষানি চৰৰ নুৰ আহমেদ নামৰ এজন বাৰ বছৰীয়া কিশোৰক কোনো দুষ্ট চক্ৰই নিৰ্মম ভাৱে হত্যা কৰি গছৰ ডালত ওলমাই থৈছিল । ঘটনা সন্দৰ্ভত নিহত নুৰ আহমেদৰ পিতৃ আতিফুৰ ৰহমানে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত এ এম কোঃ ৰোড বজাৰ আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰে ।
তাৰ পিছতেই উক্ত ঘটনাটোত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰে । কিন্তু ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি মূল হত্যাকাৰীজন এতিয়াওঁ মুকলি আকাশৰ তলতে আছে । আনহাতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ বিপৰীতে ঘটনাৰ লগত জড়িত মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া বুলিহে আন এক গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ।
ইফালে দুৰ্ভগীয়া পিতৃ মাতৃয়ে আজি নিহত পুত্ৰৰ ফটো ডিঙিত ওলোমাই লৈ সংবাদ মাধ্যমৰ জৰিয়তে এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনায় । লগতে প্ৰকৃত দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজেও। মূল হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক- বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী