ETV Bharat / city

বিলাসীপাৰাত ট্ৰাকে মহতিয়ালে এজন 10 বছৰীয়া ছাত্ৰক

author img

By

Published : Jan 23, 2021, 4:36 PM IST

বিলাসীপাৰাৰ সাপটগ্ৰাম দশমী ঘাটত বালি কঢ়িওৱা ট্ৰাকে মহতীয়াই নিয়ে এজন ছাত্ৰক ৷ ফলত থিতাতে নিহত হয় 10 বছৰীয়া ছাত্ৰজন ৷ উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

TRUCT ACCIDENT ONE DEAD
বিলাসীপাৰাত ট্ৰাকে মহতিয়ালে এজন 10 বছৰীয়া ছাত্ৰক

পশ্চিম বিলাসীপাৰা, 23 জানুৱাৰী: ধুবুৰীৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰাম দশমী ঘাটত এটা ভয়ংকৰ পথ দুৰ্ঘটানা সংঘটিত হয় ৷ বালি কঢ়িওৱা AS 01 EC - 0134 নম্বৰ ট্ৰাক এখনে মহতীয়াই নিয়ে এজন ছাত্ৰক ৷ ফলত থিতাতে নিহত হয় ছাত্ৰজন ৷ নিহত ছাত্ৰজন বালাপাৰা ১ম খণ্ড গাঁৱৰ আতিকুৰ ৰহমানৰ পুত্ৰ মাহমাদুল হাছান (১০) বুলি জানিব পৰা গৈছে ৷

এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে একাংশ ৰাইজ ৷ ইফালে একাংশ উত্তেজিত ৰাইজে জ্বলাই দিয়ে ঘাঘমাৰী বালি মহলত থকা তিনি খনকৈ বালি কঢ়িওৱা ট্ৰাকৰ লগতে বালি মহলৰ অস্থায়ী কাৰ্যালয়টো ৷

নিতৌ সাপটগ্ৰাম চহৰৰ মাজ মজিয়াৰে দিনে নিশাই সাপটগ্ৰাম বন বিভাগৰ বিষয়া কৰ্মী আৰু আৰক্ষীৰ ছত্ৰছায়াত অবৈধভাৱে শিল বালি কঢ়িওৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ তেনে সময়তে তীব্ৰ বেগী বালি কঢ়িওৱা ট্ৰাকে কণ মানি ছাত্ৰজনক মহতীয়াই নিয়াত অধিক উত্তেজিত হৈ পৰৈ ৰাইজ ৷ অবৈধভাৱে বালি শিল কঢ়িওৱা ট্ৰাক চলাচল বন্ধ কৰাৰ দাবীত নিহত ছাত্ৰজনৰ মৃতদেহ লৈ সাপটগ্ৰামৰ মুল পথ অৱৰোধ কৰে উত্তেজিত ৰাইজে ৷

ইফালে পৰিস্থিত উত্তপ্ত হৈ পৰাত প্ৰশাসনে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান নিয়োগ কৰে ৷ পৰবৰ্তী সময়ত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ সকলো দিশ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু ৰাইজে পথ অৱৰোধ বাতিল কৰে ৷ আনহাতে, অতি শীঘ্ৰে এই ঘটনাটোৰ তদন্ত কৰি দুৰ্ভগীয়া পৰিয়ালটোক 20 লাখ টকা সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-গহপুৰৰ বালিজানত পথ দুৰ্ঘটনাত নিহত দুগৰাকী বেংক কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.