পশ্চিম বিলাসীপাৰা, 24 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ বিলাসীপাৰাত বিগত ২৪ ঘন্টাত কৰ'ণা ৰোগত আক্ৰান্ত হৈছে ৪ গৰাকীকৈ লোক ৷ আক্ৰান্ত লোক কেইজনৰ ৰেপিড এণ্টিজেন পৰীক্ষাত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।
কৰ'ণাত আক্ৰান্ত লোক কেইগৰাকী হৈছে বিলাসীপাৰা চহৰৰ ২ নং ৱাৰ্ডৰ বিশ্বজিৎ বৰ্মন (32), সাপটগ্ৰামৰ ৪ নং ৱাৰ্ডৰ ভূষন চন্দ্ৰ কৰ্মকাৰ(76), উদমাৰী ২য় খণ্ডৰ হাৰু সেখ (45) আৰু ৰাঙাপানী ২য় খণ্ডৰ ফাতেমা খাতুন(54) বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে বিলাসীপাৰা মহকুমাত কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 25 জনলৈ বৃদ্ধি পাইছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ।