পূৱ বিলাসীপাৰা, ৫ জুলাইঃ ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত পুনৰ তিনিগৰাকী স্বাস্থ্য কৰ্মী আৰু এজন ডাটা এন্ট্ৰি অপাৰেটৰৰ দেহত কোভিড- 19 পজিটিভ ধৰা পৰে ৷ ইতিমধ্যে আটাইকেইজন আক্ৰান্ত লোকক ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ৷
ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে ধুবুৰী জিলাৰ চাপৰতো পুনৰ 3 গৰাকী স্বাস্থ্য কৰ্মী আৰু এজন ডাটা এন্ট্ৰি অপাৰেটৰ দেহত ধৰা পৰে কোভিড-19ৰ উপস্থিতি ৷ কৰ'ণাত আক্ৰান্ত লোক কেইজন হৈছে মৃণাল দাস, নিলাঙ্কৰ কলিতা, ৰজনী কান্ত নাথ আৰু প্ৰভাত সাহা ।
উল্লেখ্য যে, এজন স্বাস্থ্য কৰ্মী কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছত লোক জনৰ সংস্পৰ্শলৈ গৈছিল এই কেইজন লোক ৷ যোৱা ৩০ জুনত এই চাৰি গৰাকী কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল আৰু দেওবাৰে এই চাৰি গৰাকীৰ দেহত কৰ'ণা পজিটিভ হোৱা বুলি ৰিপৰ্ট লাভ কৰে ৷ উক্ত লোক কেইজন কৰ'ণাত আক্ৰান্ত হোৱাত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় লোক সকল । আক্ৰান্ত লোক কেইজন চাপৰৰ ৰঙামাটিস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্মৰত আছিল । আৰু আটাইকেইজন লোকে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ হোষ্টেলত আছিল বুলি জানিবলৈ পোৱা গৈছে ।
তাৰোপৰি এওঁলোকৰ সংস্পৰ্শলৈ ভালে কেইগৰাকী অন্য স্বাস্থ্য কৰ্মীয়ো অহা বুলি জানিব পোৱা গৈছে । ইতিমধ্যে আটাইকেইজন কৰ'ণাত আক্ৰান্ত লোককে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক- কচুৱা আৰক্ষী থানাত দুজনৰ দেহত COVID-19