ETV Bharat / city

ধুবুৰীত ৩৫ লাখ টকীয়া বজাৰ গৃহৰ আধাৰশিলা স্থাপন

বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰচেষ্টা ৷ ব্যৱসায়ী আৰু সাধাৰণ ৰাইজৰ বিশেষ উপকাৰ সাধনৰ লক্ষ্য ৷

আধাৰশিলা স্থাপন কৰাৰ সময়ত বিধায়ক অশোক কুমাৰ সিংহী
author img

By

Published : Oct 13, 2019, 1:40 PM IST

ধুবুৰী,13 অক্টোবৰ: বিলাসীপাৰাৰ বাঘমাৰী দৈনিক বজাৰত শনিবাৰে বিয়লি ৩৫ লাখ টকীয়া এটা বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰা হৈছে | স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীয়ে বিলাসীপাৰাৰ মহকুমাধিপতি উপস্থিতত আনুষ্ঠানিকভাৱে এই বজাৰগৃহটোৰ আধাৰশিলা স্থাপন কৰে |

বাঘমাৰী অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন তথা স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰচেষ্টাত চৰকাৰে MSDP আঁচনিৰ অধীনত বজাৰ নিৰ্মাণৰ বাবে ৩৫ লাখ টকা মোকলাই দিয়ে | সংখ্যালঘু বসতিপ্ৰধান অঞ্চলটোৰ বজাৰখনৰ এই গৃহটোৱে ব্যৱসায়ীসকলৰ লগতে সাধাৰণ ৰাইজৰ বিশেষ উপকাৰ সাধিব বুলি ব্যাপকভাৱে চৰ্চিত হৈছে | শনিবাৰে বিয়লি ইয়াৰ পাচতে বাঘমাৰী খেলপথাৰত বাঘমাৰী আঞ্চলিক পঞ্চায়তে আয়োজন কৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে ৷

বিলাসীপাৰাৰ বাঘমাৰী দৈনিক বজাৰত বজাৰ গৃহৰ আধাৰশিলা স্থাপন

সভাত বিধায়কগৰাকীয়ে বিলাসীপাৰা মহকুমাক এক আদৰ্শ মহকুমা হিচাপে গঢ়ি তোলাৰ তেওঁৰ সপোনৰ কথা উল্লেখ কৰে ৷ লগতে তেওঁ বিজেপি দলৰ বিভিন্ন প্ৰসংগও ৰাইজৰ সৈতে বিনিময় কৰে ৷

Intro:A. I - বিলাসীপাৰাৰ বাঘমাৰী দৈনিক বজাৰত শনিবাৰে বিয়লি ৩৫ লাখ টকীয়া বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰা হয় | অতি ভিতৰুৱা দৈনিক বজাৰ খনত এই বজাৰ গৃহটোই ব্যৱসায়ী সকলৰ লগতে ৰাইজৰ বিশেষ উপকাৰ সাধিব বুলি ব্যাপক চৰ্চিত হৈছে |Body:. O - বাঘমাৰী অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন তথা স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰচেষ্টা
ত চৰকাৰে MSDP আঁচনিৰ অধীনত ৩৫ লাখ টকা মঞ্জুৰী দিয়ে | সেই মতে শনিবাৰে বিয়লি স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীয়ে বিলাসীপাৰাৰ মহকুমাধিপতি উপস্থিতত আনুষ্ঠানিক ভাৱে বজাৰ গৃহটোৰ আধাৰশিলা স্থাপন কৰে | ইয়াৰ পিছতে বাঘমাৰী খেল পথাৰত বাঘমাৰী আঞ্চলিক পঞ্চায়তে আয়োজন কৰা ৰাজহুৱা সভাত অংশগ্ৰহন কৰি বিধায়ক গৰাকীয়ে নিজৰ ভাষন প্ৰসংগত কয়, বিজেপি চৰকাৰ খনে ৰাইজৰ হকে কাম কৰা চৰকাৰ | কোনো জাত পাতৰ বিচাৰ কৰি কাম কৰা বিধৰ নহয় | কিন্তু বিৰোধীয়ে চলোৱা অপপ্ৰচাৰ যে ভুৱা তাকে প্ৰতিপন্ন কৰিলে সংখ্যালঘু বসতি প্ৰধান বজাৰ খনৰ এই বজাৰ গৃহটো | এই সভাৰ যোগেদি বিধায়ক গৰাকীয়ে আৰু কয় যে, বিজেপি চৰকাৰ খনে কেতিয়াও কোনো সাম্প্ৰদায়িক কাম নকৰে সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু লোক সকলে কিয় বিজেপি দলক ভোট নিদিব | Conclusion:সভাত বিধায়ক গৰাকীয়ে লগতে কয় যে বিলাসীপাৰা মহকুমা খনক এখন আদৰ্শ মহকুমা গঠন কৰাৰ সপোন মোৰ বিধায়ক হোৱা দিনৰে পৰা | আৰু বিগত চাৰিটা বছৰত ইয়াৰ বাবে ষাঠি শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠছে, তেঁৱৰ কাৰ্যকালৰ বাকী থকা এটা বছৰ সম্পূৰ্ণ কাম সমাপন কৰিব বুলিও মন্তব্য কৰে |
Byte MLA অশোক কুমাৰ সিংহী,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.