ETV Bharat / business

'Insurance rider' এ বিপদত কেনেদৰে সহায় কৰিব আপোনাৰ পৰিয়ালক ?

অপ্ৰত্যাশিত পৰিস্থিতিৰ সময়ত আপোনাৰ পৰিয়ালৰ বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কেৱল এটা ম্যাদী বীমা পলিচি পৰ্যাপ্ত নহয় । চিৰ জীৱনৰ বাবে অক্ষম হোৱা বা উপাৰ্জন হেৰুওৱা বা কাম কৰিবলৈ অক্ষম হৈ পৰা এজনৰ বাবে পৰিপূৰক ৰাইডাৰ বীমা পলিচিবোৰ সহায়ক হ'ব পাৰে (Rider policies help you to tide over crisis)। ই অতিৰিক্ত বিত্তীয় সুৰক্ষা প্ৰদান কৰি আপোনাৰ পৰিয়ালক উদ্ধাৰ কৰিব পাৰে ।

author img

By

Published : Sep 28, 2022, 5:45 PM IST

Insurance rider
বিপদত 'Insurance rider'য়ে কেনেদৰে আপোনাৰ পৰিয়ালক সহায় কৰিব

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : পলিচি হ'ল্ডাৰৰ (Policyholder) কিবা হ'লেহে এটা পলিচিৰ লাভালাভ প্ৰদান কৰা হয় । যদি এটা পৰিয়ালৰ উপাৰ্জনকাৰী আঘাতপ্ৰাপ্ত হয় আৰু উপাৰ্জন কৰিব নোৱাৰা হয় বা দীৰ্ঘ সময়লৈ ৰোগত আক্ৰান্ত হয়, স্থায়ীভাৱে অক্ষম হয় আৰু কাম কৰাৰ ক্ষমতা হেৰুৱায়, তেতিয়া কি হ'ব ? বহুলোকে এই বিষয়ে চিন্তা নকৰে কিন্তু আমি এনে সম্ভাৱনাক সহজভাৱে লোৱা উচিত নহয় । এইকাৰণে পলিচিবোৰ এনেদৰে লোৱা উচিত যাতে আমি অস্থায়ীভাৱে বা স্থায়ীভাৱে উপাৰ্জন কৰিব নোৱাৰা হ'লেও সেইবোৰে আমাক সহায় কৰে ।

এই ক্ষেত্ৰত, প্ৰাথমিক ম্যাদী Policyholderসকলৰ অতিৰিক্ত সুৰক্ষা প্ৰদান কৰাৰ বাবে পৰিপূৰক ৰাইডাৰ পলিচিবোৰ কামত আহিব । বীমা কোম্পানীবোৰে মুখ্য ম্যাদী পলিচিৰ উপৰিও এই পৰিপূৰক পলিচিবোৰ প্ৰদান কৰে (Riders give added security to policy holders)। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে এনে এক বা একাধিক ৰাইডাৰ পলিচি বাছনি কৰাৰ আগতে দুবাৰ চিন্তা কৰক ।

এক প্ৰাথমিক ম্যাদী পলিচিয়ে কেৱল Policyholderৰ মৃত্যুৰ বাবে ক্ষতিপূৰণ দিয়ে । যদি 'accelerated death benefit rider' (ADB) থাকে, সংশ্লিষ্ট পৰিয়ালবোৰক অতিৰিক্ত ক্ষতিপূৰণ প্ৰদান কৰা হ'ব ।

উদাহৰণ স্বৰূপে, যদি টাৰ্ম পলিচিত ১৫ লাখ টকাৰ ৰাইডাৰ প্লেনৰ সৈতে ২৫ লাখ টকাৰ ক'ভাৰ থাকে, Policyholderৰ দুৰ্ঘটনাত মৃত্যু হ'লে মনোনীত ব্যক্তিয়ে ৪০ লাখ টকা লাভ কৰিব । আমি বহুতো লোকক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দেখিছো । এনে সময়ত, বিত্তীয় সুৰক্ষা ৰখাটো ভাল ।

লগতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অস্থায়ী বা স্থায়ী বিকলাংগ হোৱা Policyholderক বীমা কোম্পানীবোৰে 'accidental disability benefit rider' প্ৰদান কৰে । কেতিয়াবা, এজন ব্যক্তিয়ে দুৰ্ঘটনাৰ পিছত কিছু দিন কাম কৰিব নোৱাৰে । হাত বা ভৰি বা দৃষ্টি শক্তি হেৰুওৱাৰ ফলত স্থায়ী বিকলাংগও হ'ব পাৰে । কিছুমান কোম্পানীয়ে এনে ধৰণৰ বিকলাংগৰ বিষয়টো সামৰি লৈছে আনহাতে আন কিছুমানে কেৱল স্থায়ী অক্ষমতাৰ বাবে ক্ষতিপূৰণ দিয়ে ।

তাৰ পিছত, 'income benefit rider' আছে, যি Policyholder এজনক তেওঁৰ পৰিয়ালে কিমান মাহ উপাৰ্জন কৰিব লাগিব তাক নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিয়ে । এই ৰাইডাৰে প্ৰাথমিক ম্যাদী পলিচিৰ দ্বাৰা লাভ কৰা ক্ষতিপূৰণৰ উপৰিও অতিৰিক্ত ক্ষতিপূৰণ প্ৰদান কৰিব । ই অপ্ৰত্যাশিত পৰিস্থিতিত এটা পৰিয়ালক আৰ্থিকভাৱে শক্তিশালী কৰিব ।

যেতিয়া কোনো লোকে কাম বা ব্যৱসায় কৰিব নোৱাৰে, প্ৰিমিয়াম পৰিশোধ কৰা কঠিন হৈ পৰে । এনে পৰিস্থিতিত, তেওঁলোকে 'waiver of premium rider' ল'ব পাৰে । এইটো 'accidental disability benefit rider' আৰু 'critical illness benefit rider' উপৰিও ল'ব পাৰি । যেতিয়া Policyholder অক্ষম হয় বা গুৰুতৰ ৰোগত আক্ৰান্ত হয় তেতিয়া এই ৰাইডাৰে অন্যান্য প্ৰিমিয়াম পৰিশোধ কৰিব । একে সময়তে, মুখ্য ম্যাদী পলিচি অনুসৰি Policyholderৰ মৃত্যুৰ পাছত পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰিব ।

Policyholder কৰ্কট ৰোগ, বৃক্ক বা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত বীমা কোম্পানীবোৰে 'critical illness benefit rider'ৰ অধীনত তাৎক্ষণিক ক্ষতিপূৰণ দিয়ে । সৰ্বাধিক ৰোগ ক'ভাৰ কৰিব পৰাকৈ এনে ৰাইডাৰসমূহ ল'ব লাগে । বৰ্ধিত সুৰক্ষাৰ বাবে এই পৰিপূৰক পলিচিবোৰৰ উপৰিও অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ কৰিব লাগে । আমি কেৱল বৰ্ধিত সজাগতা আৰু সৰ্বশ্ৰেষ্ঠ বীমা পলিচি বাছনিৰ দ্বাৰা সম্পূৰ্ণ বিত্তীয় সুৰক্ষা লাভ কৰিব পাৰো ।

লগতে পঢ়ক :সৰ্বশ্ৰেষ্ঠ বীমা আঁচনিয়ে আপোনাক কেনেদৰে সহায় কৰিব ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.