ETV Bharat / business

সংকটত থকা ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীলৈ চৰকাৰৰ সুদৃষ্টি

চৰকাৰৰ মূলধন সঞ্চাৰে সাধাৰণ বীমা প্ৰতিষ্ঠানবোৰৰ বিত্তীয় অৱস্থা উন্নত কৰাত সহায় কৰিব । সেয়েহে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড, অ'ৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড আৰু ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানীক চৰকাৰে অতিৰিক্ত মূলধন প্ৰদান কৰাৰ সম্ভাৱনা আছে (Govt may infuse additional capital in PSU insurers)। কোম্পানী কেইটাত চৰকাৰে ৩,০০০-৫,০০০ কোটি টকাকৈ অতিৰিক্ত মূলধন প্ৰদান কৰিব পাৰে ।

author img

By

Published : May 8, 2022, 4:40 PM IST

insurers
সংকটত থকা ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীলৈ চৰকাৰৰ সুদৃষ্টি

নিউজ ডেস্ক,৮ মে' : বীমা কোম্পানীবোৰক বিত্তীয় সহায়ৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । সূত্ৰৰ পৰা জানিব পৰা মতে বীমা কোম্পানীৰ প্ৰদৰ্শন আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অতিৰিক্ত মূলধন প্ৰদান কৰাৰ সম্ভাৱনা আছে (Govt may infuse additional capital in PSU insurers)। চলিত বছৰত চৰকাৰে তিনিটা ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীত ৩,০০০-৫,০০০ কোটি টকা অতিৰিক্ত মূলধন প্ৰদান কৰিব পাৰে ।

মূলধনৰ সঞ্চাৰে সাধাৰণ বীমা প্ৰতিষ্ঠানবোৰৰ বিত্তীয় অৱস্থা উন্নত কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে (Capital infusion would help improve financial health of Insurers)। তিনিটা বীমা কোম্পানী হৈছে ক্ৰমে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড, অ'ৰিয়েণ্টেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড আৰু ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী । যোৱা বিত্তীয় বৰ্ষত, চৰকাৰে এই তিনিটা বীমা কোম্পানীত ৫,০০০ কোটি টকাৰ মূলধন সঞ্চাৰ কৰিছিল ।

২০২০-২১ বৰ্ষত, চৰকাৰে তিনিটাও ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীত ৯,৯৫০ কোটি টকা সঞ্চাৰ কৰিছিল । ইয়াৰ ভিতৰত ৩,৬০৫ কোটি টকা ইউনাইটেড ইণ্ডিয়া বীমাত, ৩,১৭৫ কোটি টকা নেশ্যনেল বীমাত আৰু ৩,১৭০ কোটি টকা অ'ৰিয়েণ্টেল বীমাত সঞ্চাৰিত কৰা হৈছিল । বিশেষ সূত্ৰই জনোৱা মতে যোৱা বিত্তীয় বৰ্ষত সংকটত থকা সাধাৰণ বীমা কোম্পানীবোৰক লাভৰ পথলৈ আনিবলৈ পুঁজি সমৰ্থন দিয়া হৈছিল । কিন্তু আৰু কিছু পুঁজিৰ প্ৰয়োজনীয়তা আছে ।

সূত্ৰৰ মতে তিনিওটা ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীৰ চ'লভেন্সি মাৰ্জিনৰ (Solvency margin) অভাৱ আছে আৰু তেওঁলোকৰ কাৰ্যকৰী দক্ষতা উন্নত কৰিবলৈ শীঘ্ৰেই এগৰাকী বাহ্যিক পৰামৰ্শদাতা নিযুক্তি দিয়া হ'ব । জানিব পৰা মতে General Insurers' Public Sector Association of India (GIPSA)ৰ জৰিয়তে চাৰিটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে বীমা কোম্পানীসমূহক পুনৰ সংগঠিত কৰিবলৈ আৰু কৰ্মচাৰীৰ উন্নয়নৰ বাবে এক প্ৰস্তাৱ আগবঢ়াইছে । ইফালে নিবিদা দাখিলৰ অন্তিম তাৰিখ হৈছে ২ জুন ।

চাৰিওটা চৰকাৰী সাধাৰণ বীমা কোম্পানীৰ ভিতৰত কেৱল নিউ ইণ্ডিয়া এছ্যুৰেন্স কোম্পানীক ষ্টক এক্সচেঞ্জত অন্তৰ্ভুক্ত কৰা হৈছে । বাকী তিনিটা সম্পূৰ্ণৰূপে চৰকাৰী । মন কৰিব লগীয়া যে চৰকাৰে ইতিমধ্যে এটা সাধাৰণ বীমা কোম্পানীক বেচৰকাৰীকৰণৰ ইচ্ছা প্ৰকাশ কৰিছে । ব্যক্তিগতকৰণৰ সুবিধাৰ বাবে সংসদে ইতিমধ্যে General Insurance Business (Nationalisation) Act (GIBNA)ত অনুমোদন জনাইছে ।

২০২১-২২ বৰ্ষৰ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যক্তিগতকৰণৰ এক বৃহৎ ঘোষণা কৰিছিল (Nirmala Sitharaman on privatization of General Insurance company)। য'ত দুটা ৰাজহুৱা খণ্ডৰ বেংক আৰু এটা সাধাৰণ বীমা কোম্পানী অন্তৰ্ভুক্ত আছিল ।

লগতে পঢ়ক :ধনৰ সুৰক্ষিত ডিজিটেল লেনদেনৰ বাবে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ বিষয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.