বিজনেছ ডেস্ক, 2 মে' : শনিবাৰে TVS Motor য়ে প্ৰদান কৰা তথ্য অনুসৰি, লকডাউনৰ ফলত যোৱা মাহত কোম্পানীটোৰ ঘৰুৱা বজাৰত বিক্ৰীৰ হাৰ শূন্যত উপনীত হৈছে ৷ 23 মাৰ্চৰ পৰা চৰকাৰৰ নিৰ্দেশত কোম্পানী বন্ধ হৈ থকাৰ বাবে বিক্ৰী শূন্য হৈ পৰা বুলি এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে TVS Motor এ ৷
এপ্ৰিল মাহত হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই (HMSI) ঘৰুৱা বজাৰত বিক্ৰীৰ সংখ্য়া শূন্য বুলি মন্তব্য কৰিছে ৷ লকডাউনৰ ফলত চৰকাৰী নিৰ্দেশনা অনুসৰি 22 মাৰ্চৰ পৰাই কোম্পানীটোৰ সকলো কাৰ্যত বাধা অহাৰ ফলত বিক্ৰী শূন্য হৈ পৰা বুলি মন্তব্য কৰিছে ৷ এই সময়ছোৱাত 2,630 খন দুচকীয়া বাহনৰ ৰপ্তানী কৰা হ'ল বুলি জানিবলৈ দিয়ে HMSI য়ে ৷