ETV Bharat / business

অৰুণাচলত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতা সন্মিলন - অৰুণাচল প্ৰদেশৰ উদ্যোগ আৰু বাণিজ্য দপ্তৰ বাতৰি

অৰুণাচল প্ৰদেশত পোন প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈছে ক্ৰেতা-বিক্ৰেতা সমাৱৰ্তন ৷ অৰুণাচল প্ৰদেশৰ উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ অধীনত এ পি ই ডি এ (APDEA) য়ে অনুষ্ঠিত কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰেতা-বিক্ৰেতা সমাৱৰ্তন অনুষ্ঠানখন ৷

অৰুণাচলত আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতা সন্মিলন
author img

By

Published : Nov 15, 2019, 9:13 PM IST

নিউজ ডেস্ক, 15 নৱেম্বৰঃ অৰুণাচল প্ৰদেশত পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈছে ক্ৰেতা-বিক্ৰেতা সমাৱৰ্তন ৷ অৰুণাচল প্ৰদেশৰ উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ অধীনত এ পি ই ডি এ (APDEA) য়ে অনুষ্ঠিত কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰেতা-বিক্ৰেতা সমাৱৰ্তন অনুষ্ঠান ৷

ভূটান, বাংলাদেশ, নেপাল ইণ্ডোনেছিয়া, ইউ এ ই, ওমান আৰু গ্ৰীছৰ পৰা ক্ৰেতা সকল আহি অংশগ্ৰহণ কৰিছে ক্ৰেতা-বিক্ৰেতা সন্মিলনত ৷ আনহাতে সমাবৰ্তন অনুষ্ঠানত বিক্ৰেতাসকলে অৰুণাচলৰ বিভিন্ন সামগ্ৰী যেনে- কমলা, কিৱি, আনাৰস, ভূত জলকীয়া আদি পৰিদৰ্শন কৰা দেখা গৈছে ৷

উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ অৰুণাচলৰ কৃষিজাত সামগ্ৰী সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰতা বৃদ্ধিৰ বাবে APEDA আৰু অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান মন্ত্ৰণালয়ে ৰাজধানী চহৰ ইটানগৰত আয়োজন কৰিছে ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ ৷ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ উদ্বোধন কৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ কৃষি আৰু উদ্যান কৃষি দপ্তৰৰ মন্ত্ৰী বিদল তায়েঙে ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে APEDA ৰ সভাপতি আৰু সম্পাদক ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিদল তায়েঙে বিশিষ্ট ব্যক্তিসকলক স্বাগতম জনায় ৷ লগতে তেখেতে কয় যে, এই অনুষ্ঠানটোৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা বিক্ৰেতা সকলৰ মাজত এক সু-সম্পৰ্ক স্থাপন কৰাটো সম্ভৱ হ'ব ৷ ৰাজ্যখনত প্ৰায় 75 ৰ পৰা 80 ভূমি কোনো ধৰণৰ ব্যৱহাৰ নকৰাকৈয়ে পৰি আছে আৰু সেই ভূমি সমূহত বহুতো উদ্যানজাত সামগ্ৰী খেতি কৰিব পৰা যাব ৷ কাৰণ অৰুণাচল প্ৰদেশ পাঁচ প্ৰকাৰৰ কৃষি-জলবায়ুৰ অঞ্চল ৷

লগতে পঢ়কঃ শ্ৰীলংকাৰ সিংহাসনঃ ৰাজাপাকসা বনাম প্ৰেমাদাসা !

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি APEDA ৰ সভাপতি পবন কুমাৰ বৰঠাকুৰে কয় যে, অন্য দেশৰ চাহিদা অনুসৰি কৃষি সামগ্ৰী সমূহ উৎপাদন কৰাটো প্ৰয়োজনীয় ৷ ইয়াৰ বাবে প্ৰয়োজনীয় পথ নিৰ্ণয় কৰাৰো প্ৰয়োজনীয়তা আছে ৷

ইপিনে, ক্ৰেতা সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে সন্ধিয়া এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সাংস্কৃতিক অনুষ্ঠানটোৰ জৰিয়তে ৰাজ্যখনৰ কলা-সংস্কৃতিৰ এক আভাষ প্ৰদান কৰা হয়৷

Intro:Body:

International buyer seller meet held in Arunachal Pradesh

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.