বিজনেছ ডেস্ক, 14 জুন : সোণৰ মূল্য বৃদ্ধি পাইছে 18 শতাংশ পৰ্যন্ত ৷ চলিত বৰ্ষত 1 জানুৱাৰীত সোণৰ মূল্য 39,850 টকাৰ পৰা 2020 বৰ্ষৰ 12 জুনলৈ 47,110 টকা পৰ্যন্ত বৃদ্ধি পাইছে সোণৰ মূল্য (মুম্বাইত 10 গ্ৰাম সোণৰ মূল্য 24 হাজাৰ) ৷
সমগ্ৰ বিশ্বৰ ভিতৰতে অধিক সোণ ক্ৰয় কৰা ভাৰতীয় লোকক এই বৃদ্ধিয়ে সহায় কৰিছে ৷ ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত দিনক দিনে সুতৰ হাৰ হ্ৰাস পাই অহাৰ লগতে শ্বেয়াৰ বজাৰত উত্থান-পতন অব্যাহত থকাৰ ফলত ভাৰতীয় বিনিয়োগকাৰীসকলে সোণত বিনিয়োগৰ বাবে এক সুৰক্ষিত স্থানৰ সন্ধানত আছে ৷
COVID-19 ৰ ফলত ঘোষণা কৰা লকডাউনে সোণৰ ক্ৰয়ত অন্তৰায় হিচাপে থিয় দিলেও gold funds, ETFs ত বিনিয়োগ আৰু ডিজিটেল ক্ৰয় যথেষ্ট উন্নত হৈ আছে ৷
চৰকাৰৰ দ্বাৰা সমৰ্থিত Sovereign Gold Bonds (SGBs) তো ভাল সহযোগিতা দেখা পোৱা গৈছে ৷

কিয় ভাৰতীয় লোকে সোণ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে ?
*টকালৈ পৰিৱৰ্তন কৰিবলৈ সহজ
*অলংকাৰৰ উচ্চ মানদণ্ড
*বিনিয়োগৰ জৰিয়তে অবিৰত পুঁজি বৃদ্ধি

অৰ্থনৈতিক সংকটৰ সময়ত সোণে চমক সৃষ্টি কৰে -
অৰ্থনৈতিক সংকটৰ সময়ত সোণে যথেষ্ট সকাহ দিয়ে, যিহেতু গড় সংখ্যক বিনিয়োগকাৰীয়ে সুৰক্ষা আৰু স্থিৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ কৰ'ণা ভাইৰাছৰ ফলত অৰ্থনীতি সৰ্বনিম্ন পৰ্যায়লৈ যাব বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়াৰ সময়তে বিকাশৰ দিশত সোণৰ ক্ষমতা সম্পৰ্কত নতুন ধৰণেৰে মুল্যাংকন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷
সোণত বিনিয়োগ কৰাটো সঠিক সিদ্ধান্ত হ'ব নে ?
এজন দীৰ্ঘম্যাদী বিনিয়োগকাৰীয়ে বজাৰত বিনিয়োগ কৰিবৰ বাবে সঠিক সময়ৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই যিহেতু এনে সময়ৰ বাবে ৰৈ থাকিলে অধিক লোকচান হোৱাৰহে সম্ভাৱনা থাকে ৷ সোণ অধিক সাৱধানতাৰে ক্ৰয় কৰাটো অতি প্ৰয়োজনীয় ৷ এই বিষয়ে বুজিবৰ বাবে যোৱা 50 বছৰ অৰ্থাৎ 1970 চনৰ পৰা 2020 চনলৈ সোণৰ দাম সম্পৰ্কত জানিব লাগিব ৷

ব্যৰ্থ বজাৰ তথা লোকচানৰ সময়ত সোণে উদ্ধাৰকাৰী হিচাপে কাম কৰে ৷ প্ৰতিজন বিনিয়োগকাৰীয়ে যোগ্য বিনিয়োগ উপদেষ্টাৰ সৈতে তেওঁলোকৰ বিত্ত সম্পৰ্কত মূল্যাংকনৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷
-সংকৰ্ষ চন্দা
লগতে পঢ়ক : ৯৯৯ টকাত জিঅ'ই ঘোষণা কৰিছে বছৰৰ বাবে আমাজন প্ৰাইমৰ সদস্যপদ