ETV Bharat / business

40 দিনীয়া লকডাউনে ভাৰতীয় অৰ্থনীতিত $320 বিলিয়ন ক্ষতি কৰিবঃ প্ৰতিবেদন

author img

By

Published : May 3, 2020, 7:57 PM IST

40 দিনীয়া লকডাউনে ভাৰতীয় অৰ্থনীতিত $320 বিলিয়নৰ ক্ষতি কৰিব ৷ এক প্ৰতিবেদনত প্ৰকাশ এই কথা ৷

প্ৰতিবেদনত প্ৰকাশ
40 দিনীয়া লকডাউনে ভাৰতীয় অৰ্থনীতিত $320 বিলিয়ন ক্ষতি কৰিব

বিজনেছ ডেস্ক, 3 মে' : COVID-19 মহামাৰীয়ে ভাৰতীয় অৰ্থনীতিক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে ৷ 40 দিনীয়া লকডাউনৰ ফলত প্ৰতিদিনে মুঠ ঘৰুৱা উৎপাদনত (GDP) বাধা আহি পৰাৰ ফলত ভাৰতীয় অৰ্থনীতিৰ 320 বিলিয়ন আমেৰিকান ডলাৰৰ ক্ষতি হ'ব বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

উল্লেখ্য় যে, ভাৰতৰ প্ৰতিদিনৰ GDP প্ৰায় 8 বিলিয়ন আমেৰিকান ডলাৰ ৷

এই প্ৰতিবেদন অনুসৰি, ভ্ৰমণ খণ্ডৰ OYO, Ola, MakeMyTrip ত ভয়াবহ ৰাজহ ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ সূক্ষ্ম, লঘু আৰু মধ্যমীয়া প্ৰতিষ্ঠান (MSME) খণ্ডক প্ৰায়ে ভাৰতীয় অৰ্থনীতিৰ আধাৰ বুলি গণ্য কৰা হয় ৷ কিন্তু, লকডাউনৰ ফলত অধিকসংখ্যক ফেক্টৰী বন্ধ কৰি ৰখা হৈছে ৷

COVID-19 মহামাৰীয়ে MSME ৰ ৰাজহ সংগ্ৰহত সৰ্বাধিক বাধাৰ সৃষ্টি কৰিছে ৷ ইয়াৰ ফলত ভাৰতীয় অৰ্থনীতিলৈ ই ভাবুকি কঢ়িয়াই অনা বুলি প্ৰতিবেদনত কোৱা হৈছে ৷

কিছু সংখ্য়ক খণ্ডক মহামাৰীয়ে মৃতপ্ৰায় কৰি তুলিছে আৰু যোগান ব্যৱস্থাত বাধা আহি পৰাৰ ফলত উৎপাদন খণ্ডত বিৰূপ প্ৰভাৱ পেলাইছে ৷ কিন্তু, গ্ৰাহকৰ ব্যৱহাৰিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কিছু সংখ্য়ক খণ্ডই এই সংকটৰ সময়তো ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

মিডিয়া, ভিডিঅ' কনফাৰেন্সিং আৰু প্ৰযুক্তিবিদ্যাৰ কিছু প্ৰতিষ্ঠানে এই সময়ছোৱাত গ্ৰাহকৰ বাবে সেৱা আগবঢ়াবলৈ সক্ষম হোৱাৰ লগতে ৰাজহ সংগ্ৰহ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.