ETV Bharat / business

মহিলাসকল ধন সঞ্চয়ত "বেপৰোৱাভাৱে সতৰ্ক"- সমীক্ষাত প্ৰকাশ

সমীক্ষা চলোৱা মহিলাসকলৰ ভিতৰত 25 শতাংশৰ কোনো অৰ্থনৈতিক লক্ষ্য স্থিৰ নাই বুলিও Scripbox প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ৷ প্ৰায় 28 শতাংশ মহিলাই আৰ্থিক পৰিকল্পনা আৰু জীৱনৰ লক্ষ্য পূৰণত আত্মবিশ্বাসী ৷ আনহাতে, 15 শতাংশ মহিলাই নিজৰ পৰিয়ালৰ আন সদস্যৰ হাতত আৰ্থিক পৰিকল্পনাৰ দায়িত্ব এৰি দিয়ে বুলিও সমীক্ষাটোত প্ৰকাশ পাইছে ৷

Survey finds women are recklessly cautious with savings
author img

By

Published : Oct 30, 2019, 7:53 PM IST

নিউজ ডেস্ক,30 অক্টোবৰ: এক সমীক্ষামতে, মহিলাসকলক ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত "বেপৰোৱাভাৱে সতৰ্ক" বুলি গম পোৱা গৈছে ৷ মহিলাসকলৰ 58 শতাংশই সামান্য ভৱিষ্যত নিধি তথা নিজৰ ব্যক্তিগত একাউন্টত ধন সঞ্চয় কৰিব বিচাৰে বুলি সমীক্ষাটোৱে প্ৰকাশ কৰিছে ৷

Scripbox নামৰ অনলাইন বিত্তীয় সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানটোৱে কৰা এই সমীক্ষাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকাশ পাইছে ৷ সমীক্ষা চলোৱা মহিলাসকলৰ ভিতৰত 6 শতাংশই সোণ কিনা পছন্দ কৰে আৰু 15 শতাংশই অতিৰিক্ত লাভৰ বাবে একত্ৰিত পুঁজিত বিনিয়োগ কৰে ৷

Scripbox প্ৰতিষ্ঠানটোৱে ফেচবুকৰ শীৰ্ষস্থানীয় সম্প্ৰদায় বা গোটত চলিত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম দুসপ্তাহত চলোৱা এই সমীক্ষাত 400 গৰাকী মহিলাৰ পৰা তথ্য আহৰণ কৰিছে ৷ ইয়াৰে
54 শতাংশ মহিলা মিলেনিয়েল আৰু 46 শতাংশ মিলেনিয়াল নহয় ৷ সমীক্ষাটোৱে মিলেনিয়েল মহিলাৰ ভিতৰত তিনি-চতুৰ্থাংশই সঞ্চয়ৰ বাবে অধিক উদগ্ৰীৱ বুলি প্ৰকাশ কৰিছে ৷ মিলেনিয়েল সকলৰ ভিতৰত প্ৰতি ছয়গৰাকীৰ এগৰাকীয়ে অৱসৰ বিনোদনৰ বাবে ধন ধাৰ্য কৰাৰ লক্ষ্য লয় বুলিও সমীক্ষাটোৱে প্ৰকাশ কৰে ৷

ইয়াৰ বিপৰীতে মিলেনিয়েল নোহোৱাসকলৰ ভিতৰত আধাই বিনিয়োগৰ লক্ষ্য যেনে - অৱসৰৰ পাচৰ প্ৰয়োজনীয় পুঁজি তথা সন্তানৰ শিক্ষাৰ বাবে আগতীয়া ধন সঞ্চয় ইত্যাদিত গুৰুত্ব দিয়ে ৷

এই বয়সৰ শ্ৰেণীটোত 33 শতাংশই সামান্য ভৱিষ্যত নিধি বা জীৱন বীমা নিগম আদিৰ দৰে কৰ সংৰক্ষণকাৰী আঁচনি বা স্থিৰ আমানতক ধন সঞ্চয়ৰ বাবে গুৰুত্ব দিয়ে ৷ 26 শতাংশই একত্ৰিত পুঁজিৰ জৰিয়তে দীৰ্ঘকালীন বিত্তীয় লক্ষ্য পূৰণ কৰাটোক গুৰুত্ব দিয়ে ৷ 44 শতাংশ মহিলাই নিজৰ কষ্টোপাৰ্জিত ধনক সঞ্চয়ৰ জৰিয়তে আৰ্থিক স্বচ্ছলতাক সাব্যস্ত কৰিব বিচাৰে বুলিও জনায় ৷ সমীক্ষা চলোৱা মহিলাসকলৰ ভিতৰত 25 শতাংশৰ কোনো অৰ্থনৈতিক লক্ষ্য স্থিৰ নাই বুলিও Scripbox প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ৷ প্ৰায় 28 শতাংশ মহিলাই আৰ্থিক পৰিকল্পনা আৰু জীৱনৰ লক্ষ্য পূৰণত আত্মবিশ্বাসী ৷ আনহাতে, 15 শতাংশ মহিলাই নিজৰ পৰিয়ালৰ আন সদস্যৰ হাতত আৰ্থিক পৰিকল্পনাৰ দায়িত্ব এৰি দিয়ে বুলিও সমীক্ষাটোত প্ৰকাশ পাইছে ৷
যিয়েই নহওঁক, 44 শতাংশ মহিলাই আৰ্থিক পৰিকল্পনাত প্ৰয়োজনীয় অতিৰিক্ত সহায় আগবঢ়াব পাৰিলে আনন্দিত বুলি সমীক্ষাটোৱে প্ৰকাশ কৰিছে ৷

( 30 অক্টোবৰ, বিশ্ব সঞ্চয় দিৱস )

Intro:Body:

Random

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.