নিউজ ডেক্স, 14 চেপ্তেম্বৰ: গৃহ নিৰ্মাণ খণ্ডক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে কেতবোৰ নতুন আঁচনি তথা নীতিৰ ৷ গৃহ নিৰ্মাণ খণ্ডটো উৎসাহিত কৰাৰ উদেশ্যে বৈদেশিক বাণিজ্যিক ঋণৰ সুতৰ হাৰ আৰু গৃহ নিৰ্মাণৰ বাবে সুতৰ হাৰ হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ যোৱা বছৰৰ তুলনাত এই বৰ্ষত দেশৰ আগষ্ট মাহৰ বাণিজ্যিক ৰপ্তানী হাৰ 6.05 শতাংশ হ্ৰাস পাই 26.13 শতাংশ আমেৰিকান ডলাৰ হোৱাৰ সময়তে আজি বিত্তমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষণা কৰে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4438840_jvh.jpg)
তেওঁ লগতে কয় যে জি এছ টি সংক্ৰান্তীয় কাম-কাজ আগষ্ট মাহৰ শেষৰ পৰা ইলেকট্ৰনিক মাধ্যমৰ দ্বাৰা সম্পন্ন কৰা হ'ব ৷ মুদ্ৰাস্ফীতিৰ হাৰ 4 শতাংশতকৈ হ্ৰাস কৰাৰ লক্ষ্য আগত ৰাখি বেংকিং খণ্ডৰ ব্যাপক সংস্কাৰ কৰিব কেন্দ্ৰীয় চৰকাৰে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4438840_j.jpg)
ইফালে অসমাপ্ত আবাসগৃহ প্ৰকল্পৰ বাবে 10 হাজাৰ কোটি টকাৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে ৷ দেশৰ ৰপ্তানী বজাৰখন সুদৃঢ় কৰাৰ স্বাৰ্থত ডুবাইৰ লগতে দেশৰ সৰ্বমুঠ 8 অঞ্চলত মেগা শ্বপিং উৎসৱ উদযাপন কৰা হ'ব বুলিও সদৰি কৰে সীতাৰমণে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4438840_j.jpg)
আনহাতে দেশৰ বস্ত্ৰশিল্প ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান কাৰ্যকৰী হৈ থকা মাৰকেনডাইজ এক্সপোর্টছ ফ্ৰম ইণ্ডিয়া স্কিম বা এম ই আই এছ এই বৰ্ষৰ 31 ডিচেম্বৰলৈ অব্যাহত থাকিব বুলি সংবাদমেল যোগে জনাই বিত্তমন্ত্ৰী গৰাকীয়ে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4438840_j.jpg)