ETV Bharat / business

ভাৰত বিশ্বশক্তি হোৱাৰ পথত প্ৰধান বাধা ক’ভিড আৰু চীন - অষ্ট্ৰেলিয়াস্থিত লেৱী ইনষ্টিটিউটৰ এছিয়া পাৱাৰ ইনডেস্ক

এছিয়া পাৱাৰ ইনডেস্ক 2020ত ভাৰতৰ ভৱিষ্যতৰ বিশ্বশক্তি হোৱাৰ পথ খুব কঠিন বুলি কোৱা হৈছে আৰু ইয়াৰ অন্তৰালত চীন আৰু চীনৰ পৰা উদ্ভৱ হোৱা ক’ভিডক মূখ্য কাৰণ হিচাপে কোৱা হৈছে ৷

ভাৰত বিশ্বশক্তি হোৱাৰ পথত প্ৰধান বাধা কোভিড আৰু চীন

author img

By

Published : Oct 20, 2020, 8:01 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰ : ক’ভিড-19 মহামাৰীৰ পৰৱৰ্তী সময়তে আঞ্চলিকতাবাদত এক বিৰূপ প্ৰভাৱ পৰিছে, যাৰ ফলত ভাৰতৰ বিশ্বশক্তি হোৱাৰ পথত প্ৰধান বাধা হিচাপে দেখা দিছে এই মহামাৰী ৷ চীনৰ সৈতে ভাৰতে ফেৰ মাৰি আঞ্চলিক মহাশক্তি হিচাপে দেখা সপোন এতিয়া অবিশ্বাস্য যেন লাগিছে ৷ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য স্পষ্টভাৱে প্ৰকাশ পাইছে ৷

অষ্ট্ৰেলিয়াস্থিত লেৱী ইনষ্টিটিউটৰ এছিয়া পাৱাৰ ইনডেস্ক 2020ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ ভিতৰত ভাৰতেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে উন্নয়নৰ ধাৰা স্তব্ধ হৈ পৰিছে একমাত্ৰ ক’ভিড-19 মহামাৰীৰ বাবে ৷

আজিৰ দিনত ভাৰতে চীনৰ অৰ্থনৈতিক আউটপুটৰ ক্ষেত্ৰত চলিত শতিকাৰ শেষলৈ মাত্ৰ 40 শতাংশৰ সমকক্ষত উপনীত হ'বলৈ সক্ষম হ'ব যিটো বিগত বৰ্ষত ভাৰতে 50 শতাংশ ধাৰ্য্য কৰিছিল ৷ প্ৰতিবেদনত এই তথ্য উল্লেখ কৰিছে প্ৰতিষ্ঠানটোৰ নিৰ্দেশক তথা এই প্ৰতিবেদনৰ মুখ্য গৱেষক হাৰ্ভে লেমাহিউৱে ৷ প্ৰতিবেদনখনত তেওঁ বিভিন্ন দিশত এবছৰ পূৰ্বে পিছপৰি থকা অধিকসংখ্যক দেশৰ সৈতে কোভিড-19ৰ সময়ত চীনৰ অৰ্থনৈতিক পুনৰুত্থানে শক্তিৰ ক্ষেত্ৰত সমগ্ৰ অঞ্চলটোত বৃহৎ পাৰ্থক্য আনি দিব বুলি উল্লেখ কৰিছে ৷

এছিয়া পাৱাৰ ইনডেস্ক 2020ত ভাৰতে চতুৰ্থ স্থানত আছে ৷ ভাৰতৰ স্কৰ 2019ৰ 41ৰ তুলনাত চলিত বৰ্ষত 39.7 লৈ অৱনমিত হৈছে ৷ ইয়াৰ দ্বাৰা ভাৰতে নিজৰ মুখ্য শক্তিৰ তালিকাত 40 পইন্ট হেৰুৱাই মধ্যম শক্তি হিচাপে পৰিগনিত হৈছে ৷ মহামাৰীৰ পূৰ্বে ধাৰণা কৰাৰ তুলনাত ভাৰতৰ অৰ্থনীতি 2030ৰ ভিতৰত 13 শতাংশ অৱনমিত হ'ব, যিটোৱে ভাৰতৰ অৰ্থনীতি 3 ত্ৰিলিয়ন ডলাৰ অৱনমিত কৰিব ৷

2018ত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা বাৰ্ষিক এছিয়া পাৱাৰ ইনডেস্কত এছিয়া-পেছিফিক মহাসাগৰীয় দেশসমূহৰ শক্তি আৰু প্ৰভাৱৰ ক্ষেত্ৰত উৎসসমূহ চিনাক্ত কৰি ৰেংক প্ৰদান কৰে ৷ এই প্ৰতিবেদনত 26 খন দেশক সামৰি লোৱা হয় আৰু দেশসমূহক বাহ্যিক পৰিৱেশ প্ৰভাৱান্বিত কৰিব পৰা শক্তিৰ আধাৰত ৰেংক প্ৰদান কৰা হয় ৷ 2020ৰ প্ৰতিবেদনত দেশকেইখনৰ কোভিড-19ৰ ভূ-ৰাজনৈতিক ফলাফলক অগ্ৰাধিকাৰ দিয়া হৈছিল ৷

চলিত তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰই 81.6 পইন্টেৰে সৰ্বশক্তিমান দেশ হিচাপে চিহ্নিত হৈছে যদিও ইণ্ডো-পেছিফিক দেশৰ ভিতৰত সৰ্বাধিক পৰিমানে অৱনমিত হৈছে ৷ দ্বিতীয় স্থানত 76.1 পইন্টেৰে চীন থকাৰ বিপৰীতে 41 পইন্টেৰে তৃতীয় স্থানত আছে জাপান ৷ প্ৰতিবেদনখনত 2018ৰ চীনৰ তুলনাত আমেৰিকাই 10 পইন্ট অধিক সংগ্ৰহ কৰিছে যদিও 2020ৰ মধ্যভাগলৈ আধাসংখ্যক পইন্ট অৱনমিত হৈছে ৷ 2020 ত অন্য দেশৰ তুলনাত ভিয়েটনাম, অষ্ট্ৰেলিয়া আৰু টাইৱানেও তালিকাত স্থান লাভ কৰিছে ৷

লগতে পঢ়ক : দক্ষিণ চীন সাগৰক লৈ চীনক সাৱধানবানী জাপানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.