ETV Bharat / business

বাজেটৰ ইতিহাস - ETV BHARAT

বাজেটৰ ইতিহাস সম্পৰ্কে কিছু আলোচনা

বাজেটৰ ইতিহাস
author img

By

Published : Jul 2, 2019, 8:25 PM IST

Updated : Jul 2, 2019, 9:05 PM IST

নিউজ ডেস্ক, 2 জুলাই : প্ৰতিজন লোকৰে জীৱনত বাজেটে অত্যাৱশ্যকীয় ভূমিকা পালন কৰে ৷ ব্যক্তিগত প্ৰয়োজনৰ পৰা আৰম্ভ কৰি পেশাদাৰী ক্ষেত্ৰতো বাজেটে অতীজৰে পৰা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ উল্লেখ্য যে, বাজেট শব্দটো ফৰাছী শব্দ 'বগেট'ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে চামৰাৰ বেগ ৷ 1860 চনৰ সময়ত ব্ৰিটিছ চেঞ্চেলৰ উইলিয়াম ইৱাৰ্ট গ্লেডষ্টনে ৰঙা ৰঙৰ এটা ছুটকেচ লগত লৈ ফুৰিছিল আৰু এই ছুটকেচটোক ৰঙা বাকচ অথবা বাজেট বাকচ বুলি সকলোৱে কৈছিল ৷

বাজেটৰ ইতিহাস সম্পৰ্কে জানিবলগীয়া কিছু কথা : বাজেট ইতিহাসৰ প্ৰথম খন বাজেট ব্ৰিটিছ চৰকাৰে 1860 চনত ইংৰাজী ভাষাত উত্থাপন কৰিছিল ৷ এই বাজেট উত্থাপনৰ সকলো গুৰুদ্বায়িত্ব বহন কৰিছিল সেই সময়ৰ বিত্ত মন্ত্ৰী জেমছ উইলচনে ৷ ব্ৰিটিছ চৰকাৰৰ তত্বাৱধানত কৰ আদায়ৰ সুবিধাৰ্থে বিয়লি 5 বজাত বাজেট খন উত্থাপন কৰা হৈছিল ৷ বিয়লি বাজেট উত্থাপনে কৰ সংগ্ৰহকাৰী সংস্থাসমূহক বিভিন্ন ক্ষেত্ৰত সালসলনি কৰাত সহায় কৰিছিল ৷

ETV BHARAT ASSAM
ইন্দিৰা গান্ধী

ভাৰততো স্বাধীনতাৰ পূৰ্বে অৰ্থাৎ 1946 চনৰ 9 অক্টোবৰৰ পৰা 1947 চনৰ 14 আগষ্টলৈকে অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰিছিল লিয়াকত আলি খানে ৷ ভাৰতে স্বাধীনতা লাভৰ পাছত প্ৰথম বাৰৰ বাবে 1947 চনৰ 26 নৱেম্বৰ তাৰিখে আৰ কে ছানমুখাম ছেত্ৰীয়ে অন্তৱৰ্তীকালীন বাজেট উত্থাপন কৰিছিল ৷ উল্লেখনীয় যে, ভাৰতীয় সংবিধানত বৰ্তমান পৰ্যন্ত 'বাজেট' শব্দটোৰ উল্লেখ কৰা হোৱা নাই ৷ সংবিধানৰ 112 অনুচ্ছেদত কেৱল 'বছৰেকীয়া বিত্তীয় বিল' বুলিহে ইয়াৰ উল্লেখ আছে ৷ ছেত্ৰীৰ পাছত জন মাথাই হৈছে দ্বিতীয় জন বিত্ত মন্ত্ৰী আৰু তেওঁ 1949 - 50 বৰ্ষৰ বাজেট উত্থাপন কৰিছিল ৷ মাথাইয়ে পঞ্চ বাৰ্ষিক পৰিকল্পনা আঁচনিৰ বিষয়ে বাজেটত আলোচনা আগবঢ়াইছিল ৷

1958 চনত জৱাহৰলাল নেহৰুৱে প্ৰথম জন প্ৰধানমন্ত্ৰী হিচাপে বাজেট উত্থাপন কৰিছিল ৷ 1955 - 56 বিত্তীয় বৰ্ষত বাজেট সমূহ ৰাষ্ট্ৰীয় ভাষা হিন্দীত লিখাৰ ব্যৱস্থা কৰা হৈছিল ৷ 1964 আৰু 1968 ত মোৰাৰজী দেশাইৰ জন্মদিনৰ দিনা তেওঁ সাধাৰণ বাজেট উত্থাপন কৰিছিল ৷ জন্মদিনত বাজেট উত্থাপন কৰা প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিচিত হৈছিল দেশাই ৷ তেওঁৰ পদত্যাগৰ পাছত 1970 চনত ইন্দিৰা গান্ধীয়ে প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাজেট উত্থাপন কৰে ৷ 2001 চনত এন ডি এ চৰকাৰে প্ৰথম বাৰৰ বাবে পুৱা 11 বজাত বাজেট উত্থাপন কৰি কিছু ব্যতিক্ৰম অনাৰ চেষ্টা কৰিছিল ৷ ইয়াৰ জৰিয়তে পুৱা ভাগত বাজেট উত্থাপন কৰা প্ৰথম গৰাকী বিত্ত মন্ত্ৰী হিচাপে পৰিচিত হয় য়শবন্ত সিন্হা ৷ 2016 চনত মোডী চৰকাৰে বাজেট উত্থাপনৰ ক্ষেত্ৰত এক বৃহৎ সালসলনি কৰিছিল ৷ তেওঁ বাজেট উত্থাপনৰ দিনটো 28 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 1 ফেব্ৰুৱাৰী কৰিছিল ৷

Intro:Body:

Only two days are left for the General Budget presentation. Finance Minister Nirmala Sitharaman will present the Budget on July 5. Here are some of the basic knowledge which one needs to know regarding the history of the Budget.

New Delhi: Budget plays a very crucial role in everyone's life. From personal to professional requirements everything depends on the budget. But where the word budget actually originated?

Conclusion:
Last Updated : Jul 2, 2019, 9:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.