ETV Bharat / business

শীঘ্ৰেই আহি আছে ভাৰতীয় ৰেলৰ দ্বিতীয়খন টেজাছ এক্সপ্ৰেছ - Second Private Run Tejas Express Train

দেশৰ দ্বিতীয়খন বেচৰকাৰী ৰেলগাড়ী টেজাছ এক্সপ্ৰেছে শীঘ্ৰেই যাত্ৰা আৰম্ভ কৰিব ৷ ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বনৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন টেজাছ এক্সপ্ৰেছে মুম্বাই-আহমেদাবাদৰ মাজত যাত্ৰা কৰিব ৷

Second Tejas Express to hit tracks on Jan 17, দেশৰ দ্বিতীয়খন বেচৰকাৰী ৰেল টেজাছ এক্সপ্ৰেছ
আহি আছে দ্বিতীয়খন টেজাছ এক্সপ্ৰেছ
author img

By

Published : Dec 28, 2019, 4:40 PM IST

নেশ্বনেল ডেস্ক, 28 ডিচেম্বৰঃ শীঘ্ৰেই ৰেলপথত যাত্ৰা আৰম্ভ কৰিব দেশৰ দ্বিতীয়খন বেচৰকাৰী ৰেল টেজাছ এক্সপ্ৰেছে ৷ ৱেষ্টাৰ্ণ ৰেলৱে ৰেলখনৰ যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰি আগন্তুক বৰ্ষৰ 17 জানুৱাৰীৰ পৰা মুম্বাই আহমেদাবাদৰ মাজত চলাচল কৰিব বুলি জনাইছে ৷

ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্পৰেশ্বনৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এইখন হ'ব দেশৰ দ্বিতীয়খন বেচৰকাৰী ৰেল ৷ দেশৰ প্ৰথমখন ব্যক্তিগত ৰেল টেজাছ এক্সপ্ৰেছ, দিল্লী আৰু লক্ষ্ণৌৰ মাজত চলাচল কৰি আছে আৰু দ্বিতীয়খনেও ইয়াৰ যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈ উঠিছে ৷

লগতে পঢ়কঃ ভাৰতীয় ৰে'ল নিগমৰ সবাতোকৈ সুৰক্ষিত বৰ্ষ 2019

ৱেষ্টাৰ্ণ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া, ৰবিন্দৰ ভাস্কৰে প্ৰকাশ কৰা অনুসৰি, বৃৃহস্পতিবাৰক বাদ দি সপ্তাহত ছদিনকৈ ৰেলগাড়ীখনে চলাচল কৰিব ৷ মুম্বাই আৰু আহমেদাবাদৰ মাজৰ যাত্ৰাপথত ৰেলগাড়ীখনে নাদিয়াড়, বাদোদৰা, ভাৰুচ, চুৰট, ভাপী আৰু বৰিভালী ষ্টেচনক সামৰি ল'ব ৷ আহমেদাবাদৰ পৰা ৰেলগাড়ীখনে ৰাতিপুৱা 6:40 বজাত যাত্ৰা আৰম্ভ কৰি দিনৰ 1.10 বজাত মুম্বাইত উপস্থিত হ'ব ৷ মুম্বাই চেন্ট্ৰেলৰ পৰা ৰেলগাড়ীখনে আবেলি 3.40 বজাত যাত্ৰা আৰম্ভ কৰি নিশা 9.55 বজাত আহমেদাবাদত উপস্থিত হ'ব ৷ আৰম্ভনিৰ যাত্ৰাৰ দিনা ৰেলগাড়ীখনে আহমেদাবাদৰ পৰা ৰাতিপুৱা 9.30 বজাত যাত্ৰা আৰম্ভ কৰি আবেলি 4 বজাত মুম্বাই চেন্ট্ৰেলত উপস্থিত হ'ব ৷ উভটনি যাত্ৰা ৰেলগাড়ীখনে মুম্বাই চেন্ট্ৰেলৰ পৰা আবেলি 5.15 বজাত যাত্ৰা আৰম্ভ কৰি নিশা 11.30 বজাত আহমেদাবাদত উপস্থিত হ'ব ৷

Intro:Body:

new

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.