ETV Bharat / business

দুমাহৰ পাছতো প্ৰতিবেদন দাখিল কৰা নাই জামাতৰ প্ৰধানে - তবলিগী জামাত

ক'ৰণা ভাইৰাছ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতহে ঘটনা সন্দৰ্ভত মৌলানাগৰাকীক সোধ-পোছ কৰাৰ কথা উল্লেখ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে ।

Maulana Saad yet to submit COVID-19 test report to Crime Branch

author img

By

Published : Jun 8, 2020, 1:36 PM IST

নতুন দিল্লী, ৮ জুন : তবলিগী জামাতৰ প্ৰধান মৌলানা ছাদে চৰকাৰী পৰীক্ষাগাৰত বৰ্তমানলৈ দাখিল কৰা নাই ক'ৰণা ভাইৰাছৰ পৰীক্ষা প্ৰতিবেদন । দিল্লী ক্ৰাইম ব্ৰাঞ্চে প্ৰকাশ কৰে এই কথা । জামাতৰ প্ৰধান মৌলানা ছাদে ক'ৰণা ভাইৰাছৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতহে ঘটনা সন্দৰ্ভত মৌলানাগৰাকীক সোধ পোছ কৰাৰ কথা উল্লেখ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে ।

দিল্লী ক্ৰাইম ব্ৰাঞ্চে তবলিগী জামাতৰ প্ৰধান মৌলানা ছাদৰ বিৰুদ্ধে ৩১ মাৰ্চত গোচৰ ৰুজু কৰি জাননী প্ৰেৰণ কৰিছিল। লক ডাউন উলংঘা কৰি ধৰ্মীয় অনুষ্ঠানত বহু সংখ্যক লোক একগোট হোৱাৰ অভিযোগত মহামাৰী ৰোগ অনুচ্ছেদৰ (The Epidemic Disease Act) অধীনত ৰুজু কৰা হৈছিল এই গোচৰ । কিন্তু মৌলানাগৰাকীয়ে গোচৰ ৰুজু হোৱাৰ দুমাহৰ পাছতো ক'ৰণা ভাইৰাছৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল নকৰাত নতুনকৈ বিষয়টো আলোচনা কৰিছে ক্ৰাইম ব্ৰাঞ্চে । এনে পৰিস্থিতিত পৰৱৰ্তী সময়তহে জানিব পৰা হ'ব মৌলানাগৰাকীৰ সন্দৰ্ভত দিল্লী ক্ৰাইম ব্ৰাঞ্চে কি পদক্ষেপ গ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.