ETV Bharat / business

ফেচবুক-জিঅ'ৰ চুক্তিক প্ৰশংসা উদ্যোগী মহলৰ !

ফেচবুকে শেহতীয়াকৈ মুকেশ আম্বানীৰ মালিকানাধীন কোম্পানী ৰিলায়েঞ্চ জিঅ'ৰ সৈতে এক বৃহৎ চুক্তি সম্পন্ন কৰিছে । ফেচবুকে ৰিলায়েঞ্চ জিঅ’ত ৫.৭ বিলিয়ন অৰ্থাৎ ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ কৰিছে । ইয়াৰ পাচতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়া এই চুক্তিক লৈ ।

author img

By

Published : Apr 23, 2020, 2:08 PM IST

Industry leaders applaud Facebook-Jio deal; say India to be growth epicentre post COVID crisis

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ বিশ্বখ্যাত ছ'চিয়েল মিডিয়া কোম্পানী ফেচবুকে শেহতীয়াকৈ ভাৰতৰ ডিজিটেল মাৰ্কেটত নিজৰ উপস্থিতি বিস্তৃত কৰিবলৈ ৰিলায়েঞ্চ জিঅ'ৰ সৈতে এক বৃহৎ চু্ক্তি স্বাক্ষৰ কৰিছে । জিঅ'ত প্ৰায় ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ কৰিছে ফেচবুকে । বুধবাৰে এই বিনিয়োগৰ পাচতেই উদ্যোগী নেতা সকলে ইয়াৰ প্ৰশংসা কৰে । অৱশ্যে কিছু কিছুয়ে ইণ্টাৰনেটৰ গোপনীয়তা সন্দৰ্ভতো চিন্তা ব্যক্ত কৰিছে ।

মহিন্দ্ৰা গ্ৰুপৰ সঞ্চালক আনন্দ মহিন্দ্ৰাই কয়,এই বিনিয়োগে কৰ'ণা ভাইৰাছৰ সময়ত ভাৰতৰ অৰ্থনৈতিক দিশটোৰ প্ৰতি শক্তিশালী ভূমিকা পালন কৰি পৰৱৰ্তী পৰিকল্পনাৰ বাবে সহায়ক হ'ব ।

ফেচবুকে ৰিলায়েন্স জিঅ’ত ৫.৭ বিলিয়ন অৰ্থাৎ ৪৩,৫৭৪ কোটি টকাৰ বিনিয়োগ কৰিছে । ফেচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯৯% অংশীদাৰিত্ব ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰিছে। এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ’ৰ সৰ্ববৃহৎ অংশীদাৰ হিচাপে পৰিগণিত হৈছে ।

জিঅ',ৰিলায়েঞ্চ ৰিটেইল আৰু হোৱাটছএপেও ৰিলায়েঞ্চ ৰিটেইলৰ বাণিজ্য ব্যৱসায়ক দ্ৰুত গতিত আগবঢ়াবলৈ বাণিজ্য অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰিত কৰি জিঅ'মাৰ্ট প্লেটমৰ্ফত হোৱাটছএপৰ ব্যৱহাৰ কৰিছে । উল্লেখ্য যে,জিঅ'মাৰ্ট ব্যৱসায় মডেলটোক পেটিএমৰ সৈতে ফেৰ মাৰিবলৈ তৈয়াৰ কৰা হৈছে ।

পেটিএমৰ প্ৰতিষ্ঠাপক আৰু CEO বিজয় শ্বেখৰ শৰ্মায়ো বহু কেইটা স্তৰত এইটা এটা অসাধাৰণ,#GODStatus." বুলি উল্লেখ কৰে । আনহাতে UPI ভিত্তিক লেন-দেনৰ সুবিধাৰ্থে হোৱাটছএপো ডিজিটেল লেন-দেনৰ বাবে অনুজ্ঞা পত্ৰৰ আবেদন কৰিছে । বৰ্তমান বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ কিছু চিহ্নিত সুৰক্ষাৰ বাবেই অনুমতি প্ৰদান কৰা হোৱা নাই ।

ফেচবুক আৰু জিঅ'ৰ চুক্তিক সাম্প্ৰতিক সময়ত এক সকাহ বুলি উল্লেখ কৰিছে প্ৰাক্তন তথ্য় প্ৰযুক্তি আৰু টেলিযোগাযোগ মন্ত্ৰী মিলিন্দ দেওৰাই ।

ইয়াৰ উপৰিও চেভ দ্য ইণ্টাৰনেন্টৰ সহ-প্ৰতিষ্ঠাতা নিখিল পাহৱাও এই চুক্তি সম্পৰ্কে জনগণক সতৰ্ক থাকিবলৈ আৱশ্যকতা আছে বুলি উল্লেখ কৰে । ২০১৫ ৰ তুলনাত জিঅ' এতিয়া বহু শক্তিশালী । বৰ্তমান ফেচবুকৰ দৰে । গোপনীয়তা,এনক্ৰিপশ্যন ইত্যাদি বিষয়ত চৰকাৰ সৰ্বসাধাৰণৰ মন্তব্য়ৰ বাবে এতিয়াও মুক্ত নহয় । নাগৰিক সমাজ এতিয়া বহু দুৰ্বল ২০১৫ৰ তুলনাত । আমি সতৰ্ক হৈ চোৱাৰ দৰকাৰ বুলি কয় পাহৱাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.