নেশ্য়নেল ডেস্ক, 4 এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰে 30 জুনলৈ বৃদ্ধি কৰিছে বিত্তীয় বৰ্ষ 2019-20 ৰ 15G আৰু 15H ফৰ্মৰ বৈধতা ৷ সৰ্ব ভাৰতীয় বেংক কৰ্মচাৰী এচ'ছিয়েচনৰ (AIBEA) এজন জ্যেষ্ঠ বিষয়াই শনিবাৰে এই স্পষ্টীকৰণ দিয়ে ৷
তেওঁ কয় যে, প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় ব'ৰ্ডৰ (CBDT) সৈতে কেন্দ্ৰীয় চৰকাৰে এই বিষয়াত আলোচনা কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লকডাউনৰ ফলত বেংকসমূহত উপস্থিত হ'বৰ বাবে বয়োজেষ্ঠ লোকসকলে সমস্যাৰ সন্মুখীন হোৱাৰ বাবে বহু বেংকৰ অৱসৰপ্ৰাপ্ত লোক আৰু পেঞ্চনাৰে সময়সীমা বৃদ্ধি কৰিবলৈ আবেদন জনাইছিল ৷
বেংক আৰু অন্য সংস্থাসমূহৰ দ্বাৰা কৰ কৰ্তনত বাধা প্ৰদান কৰিবৰ বাবে এই দুই ধৰণৰ ফৰ্ম দাখিল কৰা হৈছিল ৷
CBDT ৰ সাধাৰণ সম্পাদক চি. এইচ. ভেংকতাচালামে শুকুৰবাৰে কয় যে, পূৰ্বে প্ৰদান কৰা বিত্তীয় বৰ্ষ 2019-20 ৰ 15G আৰু 15H ফৰ্ম 30 জুনলৈ বৈধ হৈ থাকিব ৷
তেওঁ লগতে কয় যে, বেংক আৰু অন্যান্য সংস্থাসমূহৰ সকলো জমাকৰ্তাৰ বাবেই এই স্পষ্টীকৰণ প্ৰযোজ্য হ'ব ৷
ভেংকতাচালামে লগতে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰে যে, কোভিড-19 ৰ লক্ষণ ধৰা পৰা অথবা 14 দিনৰ আছুতীয়া কক্ষত বাস কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা বেংকাৰসকলক বিশেষ ছুটী প্ৰদান কৰিব লাগে ৷ তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি থকা সময়টোৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য কৰে ভেংকতাচালামে ৷