নতুন দিল্লী, ১৪ মে': পুনৰ সুৰা সম্ৰাট বিজয় মালিয়াৰ ঋণ পৰিশোধ কৰাৰ ইচ্ছা প্ৰকাশ । সঘনাই টুইটাৰ যোগে ঋণ পৰিশোধ ইচ্ছা প্ৰকাশ কৰা ব্যৱসায়ী মালিয়াই পুনৰ বৃহস্পতিবাৰে চৰকাৰক তেওঁৰ দ্বাৰা দিয়া ১০০ শতাংশ ঋণ পৰিশোধৰ প্ৰস্তাৱক স্বীকাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে থকা গোচৰ বন্ধ কৰিবলৈ আহ্বান জনায় ।
নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ২০ লাখ কোটি টকীয়া আৰ্থিক পেকেজৰ ঘোষণা কৰা সন্দৰ্ভত ভাৰত চৰকাৰৰ সিদ্ধান্তক শুভেচ্ছা জনাই মালিয়াই তেওঁৰ দ্বাৰা বাকী থকা ঋণ পৰিশোধ কৰাৰ প্ৰস্তাৱক বাৰে-বাৰে আওকাণ কৰি থকা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে ।
-
Congratulations to the Government for a Covid 19 relief package. They can print as much currency as they want BUT should a small contributor like me who offers 100% payback of State owned Bank loans be constantly ignored ? Please take my money unconditionally and close.
— Vijay Mallya (@TheVijayMallya) May 14, 2020 " class="align-text-top noRightClick twitterSection" data="
">Congratulations to the Government for a Covid 19 relief package. They can print as much currency as they want BUT should a small contributor like me who offers 100% payback of State owned Bank loans be constantly ignored ? Please take my money unconditionally and close.
— Vijay Mallya (@TheVijayMallya) May 14, 2020Congratulations to the Government for a Covid 19 relief package. They can print as much currency as they want BUT should a small contributor like me who offers 100% payback of State owned Bank loans be constantly ignored ? Please take my money unconditionally and close.
— Vijay Mallya (@TheVijayMallya) May 14, 2020
মালিয়াই টুইট কৰি কয়, COVID-১৯ ৰ আৰ্থিক সাহাৰ্য পেকেজৰ বাবে চৰকাৰলৈ শুভেচ্ছা । তেওঁলোকে যিমান পাৰে সিমান টকা চপাবলৈ সক্ষম । কিন্তু মোৰ দৰে এজন ক্ষুদ্ৰ অৱদানকাৰীৰ ৰাজ্যিক মালিকাধীন বেংকক ১০০ শতাংশ ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱক বাৰে বাৰে উপেক্ষা কৰা হৈছে ? নিঃচৰ্তে মোৰ টকা গ্ৰহণ কৰক আৰু বন্ধ কৰক !
উল্লেখ্য় বিজয় মালিয়াৰ ওপৰত ধন লেন-দেন আৰু জালিয়াতিৰে ৯,০০০ কোটি টকা আত্মসাৎ কৰি ভাৰত এৰি পলায়ন কৰাৰ অভিযোগ আছে । ইয়াৰ পূৰ্বেও কেইবা বাৰে টুইট যোগে সমস্ত ধন ঘূৰাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰি আবেদন জনাইছে সুৰা সম্ৰাট মালিয়াই ।